হাৰিল। টোডা পুনৰ ৰাজপুত্ৰৰ অধিকাৰলৈ আহিল। পৃথ্বীৰাজে ৰাও সুৰতনক টোডাৰ ৰাজপাটত বহুৱালে। সুৰতনে পৰম আনন্দ কৰি তাৰাবাঈক পৃথ্বীৰাজলৈ বিয়া দিলে। সকলোৰে অভিলাষ পূৰ্ণ হল। সকলোৱে মনত অপাৰ আনন্দ উপভোগ কৰিলে।
কিন্তু তেওঁলোকৰ আনন্দ সৰহ দিন নিটিকিল। পৃথ্বীৰাজৰ ভনীয়েক এজনীক শিৰোহী ৰজা প্ৰভুৰায়লৈ বিয়া দিছিল। প্ৰভুৰায় আছিল কাপুৰুষ আৰু অতি নীচ প্ৰকৃতিৰ মানুহ। তেওঁ ঘৈণীয়েকক বৰ অত্যাচাৰ কৰিছিল। ভনীয়েকে সেইবোৰ অত্যাচাৰৰ কথা ককায়েকক জনাই তাৰ প্ৰতিকাৰ প্ৰাৰ্থনা কৰিছিল। ককায়েকে সেইবোৰ কথা শুনি শিৰোহীলৈ যায় আৰু তাত ভনীয়েকৰ দুৰৱস্থা দেখি খঙত অধীৰ হৈ ফাঁকৰ পৰা তৰোৱাল উলিয়াই প্ৰভুৰায়ক কাটিবলৈ খেদি যায়। পৃথ্বী ৰাজৰ মূৰ্ত্তি দেখি ভনীয়েকৰ চূৰ্ত্তি হেৰায়। তেওঁ ককায়েকৰ ভৰিত পৰি স্বামীৰ প্ৰাণ ভিক্ষা কৰে। তেতিয়াহে প্ৰভুৰায় ৰক্ষা পৰে।
পৃথ্বীৰাজৰ তেজ দেখি প্ৰভুৰায়ৰ কলিজা কঁপিছিল। তেওঁ ভবিষ্যতে ঘৈণীয়েকক ভাল ব্যৱহাৰ কৰিম বুলি শপত খায়। কিন্তু দুষ্টবুদ্ধি প্ৰভুৰায়ে বলে নোৱাৰি ছল কৰি পৃথ্বীৰাজক বধ কৰাৰ উপায় বিচাৰে। তাৰ চেষ্টা সফল হয়। সি পৃথ্বীৰাজক বিহ খুৱাই মাৰে। তাৰাবাঈ সতী যায়।