হৰণ কৰিবলৈ মন কৰি বেদনোৰলৈ গল । তেওঁৰ অভিপ্ৰায় বুজিব পাৰি ৰাও সুতন ঘৃতাহুতি হল। তেওঁ ৰায়মল্লক হত্যা কৰিলে।
ৰাণাই যুবৰাজৰ শোচনীয় মৃত্যুৰ বাতৰি শুনি পুতেকৰ নীচতাৰ কাৰণে লাজ পালে আৰু ৰাও সুৰতনক ক্ষত্রিয়োচিত কাৰ্য্যৰ পুৰস্কাৰ স্বৰূপে বেদনোৰ অঞ্চল দান কৰিলে। এনে উদাৰতা ৰাজপুত্ৰৰ পক্ষেহে সম্ভৱ।
এই ঘটনাৰ কথা গোটেই ৰাজপুতনাতে বিয়পি পৰিল। ৰাজ্যৰ পৰা খেদা খোৱা মিবাৰৰ ৰাজকুমাৰ পৃথ্বীৰাজেও এই কথা শুনিলে।
পৃথ্বীৰাজ ৰাণাৰ দ্বিতীয় পুত্ৰ। তেওঁ ক্ষত্ৰিয়ৰ সকলো সজ গুণেৰে বিভূষিত ডেকা আছিল। ৰাণাই তেওঁক কিবা এটা কথাত খং কৰি ৰাজ্যৰ বাহিৰ কৰি খেদিছিল। তেওঁ বেদনোৰলৈ আহিল আৰু ৰাও সুৰতনক কলে যে, তেওঁ টোডা অধিকাৰ কৰি ৰাও সুৰতনক দিব। যদি নোৱাৰে, তেন্তে ভবিষ্যতে তেওঁ ক্ষত্রিয়-সন্তান বুলি পৰিচয় নিদিয়ে। তাৰাবায়ে এই জন৷ ৰাজকুমাৰৰ সাহস আৰু বীৰত্বৰ কথা আগতে বহুতো শুনি আছিল। এতিয়া তেওঁক চকুৰ আগতে দেখি বৰ ভাল লাগিল আৰু তেৱোঁ কুমাৰৰ লগত ৰণলৈ যোৱাৰ ইচ্ছা প্রকাশ কৰিলে।
পৃথ্বীৰাজে টোডালৈ যুদ্ধ-যাত্ৰা কৰিলে। দেউতাকৰ অনুমতি লৈ তাৰাবায়ে তেওঁৰ লগত গল । এইবাৰ পাঠান চৰ্দাৰ