ৰাণীৰ চৰিত্ৰ-দোষৰ কথা শুনি ৰাণাৰ হিতাহিত জ্ঞান নাইকিয়া হল; আক টিঙিৰি-তুলাৰ দৰে জ্বলি উঠি মীৰাক জনালে যে, তেওঁ যেন আত্মহত্যা কৰি এই কলঙ্কৰ অন্ত পেলায়।
পতিৰ আদেশ পাই মীৰাই আত্মহত্যা কৰিবলৈ প্ৰস্তুত হল। তেওঁ মৃত্যুৰ আগতে এবাৰ পতিৰ চৰণ দৰ্শনৰ কামনা জনালে । ৰাণাই কলঙ্কিনী মীৰাক দেখা নকৰোঁ বুলি কৈ পঠালে। ৰাণাৰ কথাত মা-মুৱা হৈ মীৰাই নদীত জাপ্ দিলেগৈ। কিন্তু নদীয়ে সতীক গ্ৰহণ নকৰিলে। তেওঁক বহুদূৰ উটাই নি অচেতন অৱস্থাত পানীৰ যুৱলীত তুলি থৈ গল। কিছু সময়ৰ পাচত জ্ঞান পাই মীৰা তাৰ পৰা বৃন্দাবন-ধামলৈ গল। ধৰ্ম্মত তেওঁৰ অচলা মতি; গতিকে ভোক-পিয়াহ, বাটৰ দুখ একোৱেই তেওঁক কাতৰ কৰিব নোৱাৰিলে ।
বৃন্দাবনৰ এখন মনোৰম উপবনৰ ঘাঁহনিত বহি সতীয়ে কাতৰ কণ্ঠেৰে হৰিনাম গাবলৈ আৰম্ভ কৰিলে। ক্ৰমে তেওঁৰ গানত বৃন্দাবনবাসী বলিয়া হল। তেওঁক দেবীৰ দৰে পূজা কৰিবলৈ ধৰিলে। অলপ দিনৰ ভিতৰতে তেওঁ ভক্তসকলৰ এটা সম্প্রদায় গঠিত হল। চিতোৰৰ অনেক ভক্ত গৈ তেওঁৰ সম্প্রদায়ত ভুক্ত হল। তেওঁলোকে চিতোৰত অনেক বিষ্ণু মন্দিৰ প্রতিষ্ঠা কৰিলে ।
মীৰাৰ পুণ্য-প্রতিভাৰ কথা শুনি ৰাণাও বৃন্দাবনলৈ আহিল। তেওঁ মীৰাক অভদ্ৰ আচৰণ কৰা বাবে ক্ষমা খুজিলে। স্বামীৰ তেনে ব্যৱহাৰ দেখি মীৰাই লাজতে মুৰ দোঁৱালে। ৰাণাই