তেওঁ মাত-কথাৰে সকলোকে মুগ্ধ কৰিছিল। তেওঁ গান গাব শিকিছিল। তেওঁৰ সুৱদী মাতৰ সুমধুৰ সুৰৰ ভগবৎ প্রেমৰ গান শুনি সকলোৱে তেওঁক স্বৰ্গৰ পৰা নামি অহা দেৱ-কন্যা বুলি কৈছিল ৷
গাভৰু কালত তেওঁৰ ৰূপ-গুণৰ খ্যাতি গোটেই ৰাজপুতনাতে বিয়পি পৰিছিল। তেওঁৰ গান শুনিবলৈ বহু দূৰ-দূৰান্তৰৰ পৰাও অনেক লোক তেওঁলোকৰ ঘৰলৈ আহিছিল।
ৰাণা কুম্ভ তেতিয়া চফল ডেকা। তেৱোঁ মীৰাৰ গান শুনিবলৈ গৈছিল আৰু তেওঁৰ গান ৰাণাৰ ইমান ভাল লাগিছিল যে, নিজৰ হাতৰ আঙঠি সোলোকাই মীৰাক উপহাৰ দি আহিছিল। এই ঘটনাৰ কিছুদিন পাচতে তেওঁলোকৰ বিয়া হয়।
কিন্তু চিতোৰৰ ৰাজপুৰী মীৰাৰ ভাল নালাগিল । কিয়নো তেওঁলোক আছিল পৰম বৈষ্ণৱ ; কিন্তু ৰাণাৰ ঘৰ আছিল ঘোৰ শাক্ত। বিভিন্ন ধৰ্ম্মমতৰ কাৰণে শাহুৱেকে তেওঁক দেখিব নোৱাৰিছিল ৷ তদুপৰি ৰাজটোলত বিষ্ণু-মন্দিৰ নাছিল। উপাসনাৰ কাৰণে ৰজাহাউলিৰ বাহিৰৰ বিষ্ণু-মন্দিৰলৈ যাবলগীয়া হোৱাত তেওঁক সকলোৱে বেয়া পাইছিল। ধৰ্ম্ম বিশ্বাসৰ এনে প্ৰতিকূল অৱস্থাত পৰি মীৰাৰ ভাৱাবেগ বাঢ়িল। তেওঁ কবিতা লিখি সেই আবেগ কিছু সংযত কৰিছিল। তেওঁৰ মধুৰ ভাৱৰ কবিতাবোৰ পঢ়ি সকলোৱে প্ৰশংসা কৰিছিল। মীৰাবাঈৰ সেই কবিতাবোৰ এতিয়াও বৈষ্ণৱ সাহিত্যৰ অতি অনুপম সামগ্ৰী। তেওঁৰ ‘ৰাগ-গোবিন্দ’ এখন