৫। অৰিসিংহৰ পত্নী।
ভাৰতৰ ক্ষত্ৰিয় জাতিৰ অতীত বুৰঞ্জী সাহস আৰু বীৰত্বৰ কাহিনীৰে ভৰা। তাৰ প্ৰমাণ স্বৰূপে তলত এজনী ৰাজপুত কুমাৰীৰ এদিনৰ কাৰ্য্যৰ বিবৰণ দিয়া হল।
অৰিসিংহ চিতোৰৰ ৰাণা লক্ষ্মণসিংহৰ পুতেক। যুবৰাজ অৰিসিংহ এদিন জনদিয়েক লগৰীয়াৰে সৈতে চিকাৰলৈ গৈছিল। তেওঁলোকে হাবিত এটা গাহৰি খেদি খেদি নি এখন খেতিৰ পথাৰত ওলাইছিলগৈ। পথাৰৰ মাজৰ এখন টঙ্গিত এজনী গাভৰু ছোৱালীয়ে হাতত ধনু-কাঁড় লৈ খেতি ৰখি আছিল। গাহৰিটোৱে জীৱৰ আত্ৰাউনিত খেতিৰ মাজত সোমাবলৈ লৰি অহা দেখি গাভৰুৱে ধনুত কাঁড় জুৰি এপাত কাঁড়েৰেই গাহৰিটো বধ কৰিলে। চিকাৰীদলে গাভৰুৰ থিৰ লক্ষ্য দেখি বিস্ময় মানিলে আৰু একেথৰে ৰ লাগি তেওঁৰ মুখলৈ চাই থাকিল। গাভৰুৱে তেওঁলোকৰ মনৰ ভাৱ বুজি ঢেকঢেকাই হাঁহিবলৈ ধৰিলে। চিকাৰীদলে তাতে লাজ পাই সিদিনা আৰু চিকাৰ নকৰি পথাৰৰ মাজেৰে বৈ যোৱা এখন নৈৰ পাৰত বনভোজনৰ আয়োজন কৰিলে। সকলোৱে হাঁহি খিকিন্দালি কৰি নানা প্ৰকাৰ গল্প গুজব কৰি আছে। এনেতে হঠাৎ এটা বাটলু গুটি আহি যুবৰাজৰ ঘোঁৰাটোৰ পিচ ঠেঙ্গত লাগিল। সেই