সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
পদ্মিনী।

সকলৰ তেজেৰে চিতোৰৰ ৰণ-ভূমি ৰাঙলী হল। পদ্মিনীয়ে আত্মৰক্ষাৰ আন উপায় নেদেখি 'জহৰ-ব্ৰত' ললে।

 ৰাজপুত মহিলাৰ জহৰ-ব্ৰত অতি ভীষণ কাৰ্য্য। তেওঁলোকে মান-সম্ভ্ৰম ৰক্ষাৰ আন উপায় নেদেখিলে জুইত জাপ দি পুৰি মৰে। তাকে পত্ৰি জহৰ-ব্ৰত বোলে। কথিত আছে যে, পদ্মিনীৰ লগত তেৰ শ ৰাজপুত মহিলাই জহৰ ব্ৰত ধৰি প্ৰাণ উচৰ্গা কৰিছিল।

 তিৰোতাবোৰ এইদৰে মৰিল। তাকে দেখি চিতোৰৰ কাৰ্যক্ষম মতা মানুহবোৰে হালধীয়া কাপোৰ পিন্ধি হাতত অস্ত্ৰ লৈ ৰণ কৰি শত্ৰুৰ হাতত প্ৰাণ দিলে।

 এইদৰে চিতোৰৰ নৰ-নাৰীয়ে অকাতৰে প্ৰাণ-বলি দিয়াত চিতোৰ প্ৰায় জনশূন্য নগৰত পৰিণত হল। শত্ৰুৱে হিন্দু নাৰীৰ অঙ্গ স্পৰ্শ কৰিব নোৱাৰিলে। স্বামী আৰু চিতাৰ জুইৰ বাহিৰে আনে ভাৰতীয় তিৰোতাৰ অঙ্গ স্পৰ্শ কৰিব নোৱাৰে। যি দেশত এনে অসংখ্য সতীৰ জন্ম, সেইদেশৰ তিৰোতাৰ সন্মান জগতৰ আগৰ শাৰীত। সতীৰ তেজেৰে ভাৰতৰ গগণ-পবন আৰু ধূলি-কণা পবিত্ৰ হৈ আছে।