অন্য ৰূপ লব। তেওঁ ৰাণা আৰু সৈন্য সকলক বুজালে—“চোৱা, যুদ্ধ, প্ৰজাৰ ধন-প্ৰাণ হানিৰ কাৰণ। প্ৰবল শত্ৰুৱে যদি আৰ্চ্চিত মোৰ মুখ চাই ৰাজ্য এৰে, ভেন্তে যুদ্ধ কৰি ৰাজ্য-নাশ কৰাৰ আৱশ্যক কি?”
পদ্মিনীৰ এই যুক্তি শুনি তেওঁলোক শান্ত হল আৰু সেই মতেই শত্ৰুক উলিয়াই খেদাৰ ব্যৱস্থা কৰিলে। সম্ৰাটক জনোৱা হল যে, তেওঁ ৰাণাৰ কাৰেঙলৈ আহি আৰ্চ্চিত পদ্মিনীৰ প্ৰতিবিম্ব চাব আৰু লগত গা-চোৱা সৈন্যৰ বাহিৰে আন মানুহ আনিব নোৱাৰিব। সম্ৰাট তাতে সম্মত হল।
নিৰূপিত সময়ত আলাউদ্দিন ৰাণাৰ কাৰেঙলৈ আহিল। ৰাণাই তেওঁক আদৰি নি বহুৱালে। পদ্মিনী এখন ডাঙৰ আৰ্চিৰ সমুখত থিয় হল। সম্ৰাটে তেওঁৰ প্ৰতিবিম্ব দেখিলে। পদ্মিনীৰ শৰীৰৰ কমনীয় কান্তি দেখি আলাউদ্দিন মুগ্ধ হল।
চতুৰ আলাউদ্দিনে তেওঁৰ মনৰ ভাৱ কাকে৷ জানিবলৈ নিদি ধীৰভাৱে ছাউনিলৈ যাব ওলাল। ৰতনসিংহই তেওঁক অলপ আগবঢ়াই থলেগৈ। কিন্তু বাটত কুচক্ৰী আলাউদ্দিনে ৰতনসিংহক বন্দী কৰি ছাউনিলৈকে লৈ গল আৰু ৰাজধানীলৈ খবৰ পঠিয়ালে যে, পদ্মিনীয়ে তেওঁত আত্ম-সমৰ্পণ কৰিলেহে ৰতনসিংহক মুক্তি দিয়া হব।
এই খবৰ শুনি পুনৰ চিতোৰবাসী ঘৃতাহুতি হল। তেওঁ- লোকে ৰণ কৰি সম্ৰাটৰ নীচতাৰ সমুচিত প্ৰতিফল দিবলৈ মন বান্ধিলে। কিন্তু এইবাৰো বুদ্ধিমতী পদ্মিনীয়ে চিতোৰৰ