৪। পদ্মিনী।
ত্ৰয়োদশ শতিকাৰ শেষ ভাগত ৰতনসিংহ চিতোৰৰ ৰাণা আছিল। তেওঁৰ পত্নীৰ নাম পদ্মিনী। কথিত আছে যে, সেই সময়ত পদ্মিনীৰ দৰে ৰূপৱতী ৰমণী ভাৰতত আন এগৰাকী নাছিল।
আলাউদ্দিন খিলিজি তেতিয়া দিল্লিৰ সম্ৰাট। এওঁ প্ৰবল প্ৰতাপী আৰু লম্পট ৰজা আছিল। ১২৯৭ খৃষ্টাব্দত এওঁ গুজৰাট জয় কৰি তাৰ ৰাণী কমলাদেৱীক বল কৰি বিয়া কৰায়। সেই কথাত মন বাঢ়ি তেওঁ চিতোৰ জয় কৰি পদ্মিনী-লাভৰ আশা কৰে; আৰু সেই উদ্দেশ্যে ১৩০৩ খৃষ্টাব্দত তেওঁ চিতোৰ আক্ৰমণ কৰে।
চিতোৰ ৰাজপুত জাতিৰ বীৰভূমি। তেওঁ ৰাজপুতৰ লগত যুঁজি বুজিলে যে, ৰাজপুত বিক্ৰম পৰাভৱ কৰি ৰমণী লাভ কৰা সম্ভৱ নহব। গতিকে তেওঁ যুদ্ধ এৰি ফন্দী পাতিলে। তেওঁ ৰাণাক জনালে যে পদ্মিনীক দেখুৱালে তেওঁ চিতোৰ এৰিব।
পাঠান সম্ৰাটৰ এনে হীন প্ৰস্তাৱ পাই ৰাণ৷ আৰু চিতোৰবাসীৰ খং-জুই জ্বলি উঠিল; তেওঁলোকৰ চকুৰপৰ৷ জুই আঙনি ওলাল। স্থিৰ বুদ্ধি পদ্মিনীয়ে বুজিলে যে, ঘটনাই এতিয়া