সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০০
চুলতানা ৰিজিয়া

চকু পোৰে আৰু ৰাণীক, তাৰ বাবে গৰিহনা দিয়ে। কিন্তু তেজস্বিনী ৰাণীৰ কাৰ্য্যৰ প্ৰকাশ্য প্ৰতিবাদ কৰিবলৈ কেৱে সাহস কৰা নাছিল।

 তেওঁলোকে তলে তলে ষড়যন্ত্ৰ কৰি হঠাতে এদিন হাৱচী জনক হত্যা কৰে আৰু ৰাণীকো বন্দী কৰি ভায়েক এজনক সিংহাসনত বহুৱায়। আল্টুনিয়া নামে এজন তুৰ্কী চৰ্দাৰ এই বিদ্ৰোহী সকলৰ নায়ক আছিল। বুদ্ধিমতী ৰিজিয়াই বন্দী অৱস্থাতো মায়া জাল পেলাই তেওঁৰ সম্পত্তি আৰু প্ৰতিপত্তি ৰক্ষাৰ চেষ্টা কৰিছিল। বন্দীশালতে তেওঁ আল্টুনিয়াক পতি বৰণ কৰে। তেতিয়া আল্টুনিয়াই পুনৰ ৰিজিয়াক সিংহাসনত বহুৱাবলৈ যত্ন কৰিছিল। ফলত দুৰ্ঘোৰ যুদ্ধ হৈছিল; কিন্তু স্বাৰ্থপৰ, তিৰোতা সেৰুৱা আল্টুনিয়াই যুদ্ধত জয়লাভ কৰিব নোৱাৰিলে। তেওঁলোক স্বামী-স্ত্ৰী উভয়ে ৰণত পৰিল। তেতিয়া ৰিজিয়াৰ বয়স মুঠে কুৰি বছৰ। এই অলপ বয়সতে তেওঁ উল্কাৰ দৰে কিছুকাল ভাৰত-গগণ পোহৰ কৰি অকস্মাতে জ্যোতিহীন হল।