শাসনেৰে দমায়। ককায়েকৰ কু-কৰ্ম্মৰ সঙ্গী অত্যাচাৰী বিষয়াবোৰক খেদি নতুন বিষয়া লয়। অনেক প্ৰজা হিতকৰ কাম কৰি দেখুৱায়। মানুহ চিনিব পৰা আৰু কাম আদায় কৰিব পৰা তেওঁৰ অদ্ভুত ক্ষমতা আছিল। শাসনকৰ্ত্ৰীৰ সকলো গুণ থকা কাৰণে তেওঁৰ ওচৰত সকলোৱে মূৰ দোঁৱাইছিল।
মাইকী মানুহ বুলি তেওঁৰ কোনো দুৰ্ববলতা নাছিল। তেওঁ কেতিয়াও ওৰণি নলৈছিল। মতাৰ সাজ পিন্ধি তেওঁ প্ৰকাশ্য দৰবাৰত বহি শাসনকাৰ্য্যৰ সমালোচনা কৰিছিল আৰু প্ৰায়েই ঘোৰাত উঠি ফুৰিছিল।
দিল্লিৰ সিংহাসনত বহি ভাৰতৰ ভাগ্য নিৰূপণ কৰা মহিলা সকলৰ ভিতৰত ৰিজিয়াই প্ৰথম। তেৱেঁই ভাৰতৰ একমাত্ৰ সম্ৰাজ্ঞী। তেওঁ অতি সুখ্যাতিৰে তিনি বছৰ ৰাজ্য শাসন কৰে। তাৰ পাচত তেওঁ ডাঙৰীয়া সকলৰ অপ্ৰিয় হয়। তাৰ কাৰণ এই :—
সম্ৰাজ্ঞী কুমাৰী আছিল। অনেক ডাঙৰীয়াই তেওঁক বিয়া কৰাবলৈ আগ্ৰহ কৰিছিল। কিন্তু তেওঁ কাকো চিত নিদি বিদেশী হাৱচী এজনক বিশেষ অনুগ্ৰহ দেখুৱাইছিল। আবিচিনিয়া দেশৰ মানুহক তেতিয়া হাৱচী বুলিছিল। এই ধুনীয়া হাৱচী ডেকাজন পোনতে ৰাণীৰ ঘোঁৰা বৰুৱা কামত সোমায়। ৰাণীয়ে তেওঁক ওপৰলৈ তুলি নি নি তিনি বছৰৰ ভিতৰতে ৰাজ্যৰ উচ্চতম বিষয়া প্ৰধান মন্ত্ৰী পাতে। বিদেশী মানুহ এজনে এনে ক্ষমতা আৰু প্ৰতিপত্তি লাভ কৰাত দেশী ডাঙৰীয়া সকলৰ