সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

৩। চুলতানা ৰিজিয়া।

 তেৰ শতিকাৰ মাজ ভাগত দাস ৰজা সকলৰ ভিতৰত প্রবল প্রতাপী আল্টমাচে দিল্লিৰ সিংহাসনত বহি হিন্দুস্থান শাসন কৰিছিল। ৰিজিয়া তেওঁৰ কন্যা ।

 ৰিজিয়া বৰ তেজস্বী আৰু সাহসী ছোৱালী আছিল। তেওঁ বাপেকক সদায় শাসনকাৰ্য্যত সহায় কৰিছিল। বাপেকে তেওঁৰ অসাধাৰণ বুদ্ধি আৰু কৰ্ম্ম-পটুতাৰ সমাদৰ কৰিছিল ৷ তেওঁ ৰাজধানী এৰি আঁতৰলৈ যাবলগীয়া হলে, শাসনকাৰ্য্যৰ ভাৰ পুতেক সকলক নিদি জীয়েক ৰিজিয়াকহে দি গৈছিল। কিয়নো তেওঁ ভালদৰে বুজিছিল যে, তেওঁৰ জীয়েক পুতেক সকলতকৈ বুধিত চতুৰ আৰু ৰাজনীতিৰ জ্ঞানত অধিক পটু। ৰিজিয়াই বাপেকৰপৰা শাসন-নীতিৰ কূট-কৌশলবোৰ খৰচি মাৰি শিকি লৈছিল ।

 আল্টমাচ ঢুকোৱাত দেশ-দস্তুৰ মতে পুতেক এজনহে সিংহাসনত বহিছিল। কিন্তু অলপ দিনৰ ভিতৰতে শাসন-কাৰ্য্যত আউল লগাত ৰাজ্যৰ ডাঙৰীয়া সকলে তেওঁক ভাঙি ৰিজিয়াক সিংহাসনত বহুৱাইছিল।

 ৰিজিয়াই সিংহাসনত উঠিয়েই দক্ষতাৰ পৰিচয় দিয়ে। ককায়েকৰ দিনত মূৰ ডাঙি উঠা বিদ্ৰোহীবোৰক তেওঁ কঠোৰ