২। কৰ্ম্মদেৱী।
দিল্লিৰ পিচতে কনৌজত আফগান পতাকা উৰিল। জয়চন্দ্ৰৰ মৃত্যু হল। তেওঁৰ পো-নাতিয়ে কনৌজ এৰি ৰাজপুতনাৰ মৰুভূমিত থিত ললেগৈ। প্ৰায় সমগ্ৰ উত্তৰ ভাৰত আফগানৰ অধীন হল।
দিল্লিৰ দক্ষিণে ৰাজস্থান তাত ৰাজপুত জাতিৰ বাস। ৰাজপুত এটা বীৰ্য্যবান জাতি। তেওঁলোকৰ শক্তি নাশ কৰিব নোৱাৰিলে দিল্লিৰ সিংহাসন নিৰাপদ নহয়। গতিকে আফগানবোৰে ৰাজপুত সকলৰ ওপৰতে প্ৰধান দৃষ্টি দিছিল। আফগানৰ লগত ক্ৰমাগত যুদ্ধ কৰি কৰি বীৰভূমি ৰাজস্থান ক্ৰমে নিশকতীয়া হৈ পৰিল। ৰাজস্থানৰ ভিতৰত চিতোৰৰ বল-বীৰ্য্যৰ খ্যাতি অধিক। সেই কাৰণে পাঠান সেনাই চিতোৰ ধ্বংসৰ কাৰণে প্ৰাণপণে যত্ন কৰিছিল। চিতোৰৰ অৱস্থা তেতিয়া গুৰিয়াল নথকা নাৱৰ দৰে। ক্ৰমাগত শত্ৰুৰ আক্ৰমণ, অত্যাচাৰ, হত্যা, লুটপাত আদিৰে চিতোৰ তেতিয়া লালকাল আৰু জুৰুলা। ৰাজ্যৰ গৰাকী সমৰসিংহৰ পুতেক ৰাণা কৰ্ণসিংহ নাবালক। তেনে বিপদতো এগৰাকী বীৰ নাৰীৰ বিক্ৰমত চিতোৰ পাঠানৰ গৰাহৰপৰা ৰক্ষা পৰিছিল।
তেওঁৰ নাম কৰ্ম্মদেৱী। তেওঁ ৰাণা সমৰসিংহৰ বিধৱা পত্নী। পতিয়ে তেওঁক সতী যাবলৈ মানা কৰি নাবালক পুত্ৰৰ