এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
নাৰী-ৰত্ন।
এইবাৰ থানেশ্বৰ ক্ষেত্ৰত যুদ্ধ হৈছিল। ৰাজপুত
বীৰবিলাকে তিনি দিন অবিৰাম ৰণ কৰিছিল। হাজাৰ হাজাৰ
বীৰে ৰণত প্রাণ দিছিল। কিন্তু তেওঁলোকৰ সকলো ত্যাগ,
সকলো বিক্রম এইবাৰ নিষ্ফল হল। ঘোৰী ৰণত জিকিল;
পৃথ্বীৰাজ বন্দী হল। ঘাতকৰ হাতত তেওঁৰ প্ৰাণ গল।
সতীৰ আশঙ্কা ফলিল। ভাৰত মুছলমান শক্তিৰ পদানত হল।
ক্ষত্ৰিয়ৰ শোণিত সাগৰত হিন্দুৰ সৌভাগ্য-ৰবিয়ে বুৰ মাৰিলে।
সংযুক্ত| সতী গল ।