কৰি বহা সুসজ্জিত ৰজা সকলৰ এজনকো সংযুক্তাই মালা দি পতি বৰণ নকৰিলে। তেওঁ সভা-মণ্ডপ পাৰ হৈ গৈ পৃথ্বীৰাজৰ প্ৰতিমূৰ্ত্তিত মালা দি সেৱা জনালে। তেওঁৰ কাৰ্য্য দেখি সভাসদ সকল কাঁহ-পৰি-জীণ গল।
সংযুক্তাৰ ৰূপ-গুণ পৃথ্বীৰাজৰো অপৰিচিত নাছিল। তেঁৱো সংযুক্তাক পত্নীৰূপে পাবলৈ আকাঙ্ক্ষা কৰিছিল। সেই উদ্দেশ্যে তেওঁ সৈন্য-সামন্ত লৈ স্বয়ম্বৰ সভাৰ ওচৰতে লুকাই আছিল। চোৰাংচোৱাৰ মুখে সংযুক্তাই তেওঁক পতি বৰণ কৰা শুনি তেওঁ ৰণৰ সাজেৰে সভা মণ্ডপত সোমালহি। অকস্মাতে সঙ্গ-মণ্ডপত ঘোঁৰাৰ খুড়াৰ শব্দ আৰু অস্ত্ৰৰ ঝণ-ঝণনি উঠিল। ভূপতি সকলে ছবিত অঁকা মানুহৰ দৰে অলপো কাতি-কুতা নকৰাকৈ একেথিৰে সেই ফাললৈ চাই থাকোঁতেই পৃথ্বীৰাজে সংযুক্তাক ঘোঁৰাত তুলি লৈ বায়ুবেগে দিল্লিলৈ গতি কৰিলে। জয়চন্দ্ৰ শিল পৰা কপৌ যেন হল।
এই অপমানৰ প্ৰতিশোধ লবলৈ জয়চন্দ্ৰই আফগানিস্থানৰ আমীৰ মহম্মদ ঘোৰীক ভাৰত আক্ৰমণ কৰিবলৈ মাতি পঠিয়ালে। আমীৰে এই সুযোগ বিচাৰিয়ে আছিল; তেওঁ অলপো হোঁহোক৷-পিছলা নকৰি সসৈন্যে ভাৰত আক্ৰমণ কৰিবলৈ আহিল।
বিদেশী শত্ৰুৰ হাতৰপৰা জন্মভূমিৰ স্বাধীনতা ৰক্ষাৰ কাৰণে পৃথ্বীৰাজ সষ্টম্ হল। তেওঁ ৰাজপুত ৰজা সকলৰ পৰা এটা ডাঙৰ ফৌজ গোটাই শত্ৰুৰে সৈতে ৰণ দিবলৈ