(৬)
men. The sphere of women was generally held to be clothes, cookery and children.— অৰ্থাৎ “তিৰোতাৰ মন বুলি এটা বস্তুৰ কোনো দৰকাৰেই নাই। মানুহে মন প্ৰয়োগ কৰি যিখিনি ভাবিব বা কৰিব লাগে সেইখিনি গিৰীয়েকে দিব। তিৰোতাই কাপোৰ-কাণি বুই, ভাত-পানী বান্ধি আৰু লৰা-ছোৱালী ৰাখি থাকিব লাগে”।
ইয়াৰ পিচত তিৰোতাৰ মন বা চিন্তা-শক্তি থকা বুলি ধৰি লোৱা হ'ল। কিন্তু সেই শক্তি পুৰুষতকৈ বহুত তলৰ খাপৰ। এতিয়া নাৰী জাগৰণৰ উত্তেজনাত ধৰা হৈছে যে পুৰুষে যি কৰিছে তিৰোতায়ো সুবিধা পালে তাকেই কৰিব পাৰে। সুবিধা পালে তিৰোতাই সকলো বিষয়ে ঠিক পুৰুষৰ দৰে প্ৰভাৱশালী হব পাৰিব নে নোৱাৰে সেইটো বৈজ্ঞানিক অনুসন্ধান আৰু পৰীক্ষা কৰিলেহে জনা যাব।
বোধ কৰে| শাৰীৰিক গঠনৰ নিমিত্তে সাধাৰণ তিৰোতা আৰু সাধা মানুহৰ যজিত কৰ্ম্মক্ষেত্ৰৰ কেতবোৰ পাৰ্থক্য সদায়ে ৰৈ যাব। এইবোৰ বিষয় বহলাই আলোচনা কৰিবলৈ গলে এখন সুকীয়া কিতাপ হয় গৈ। সম্প্ৰতি আমাৰ দেশৰ তিৰোতাই যে অসুবিধা আৰু অযত্নৰ বাবেহে নিজৰ কৰিব পৰা বহুত উন্নতিৰ পৰা বঞ্চিত হৈছে সেইটোহে বেছিকৈ আলোচনা কৰিবলগীয়া হৈছে। “ ইউৰোপত নাৰী-জাগৰণৰ ফলত পুৰুষৰ বনুৱা সম্প্ৰদায়ৰ মাজত কাম পোৱাৰ অসুবিধা Unemployment problem আহিব বুলিও কেতবোৰ মানুহৰ ভয় হৈছে। কিন্তু ভাৰতৰ তিৰোতা ইমান অযত্নত আছে যে, তেওঁলোকৰ অসুবিধাৰ কথা আমি যিমানেই কওঁ অতিঙ্কিত হবৰ ভয় নাই।
যুগে যুগে মানুহৰ সাংসাৰিক কৰ্ত্তব্যৰ, সাংসাৰিক জীৱন যাপন প্ৰনালীৰ অনেক লৰ-চৰ হৈ থাকে। তাৰ লগে লগে মানৱ জীৱনৰ কেতবোৰ আদৰ্শৰো অলপ লৰচৰ নহৈ নোৱাৰে। আমাৰ দেশৰ স্ত্ৰী চৰিত্ৰতো যুগধৰ্ম্ম অনুসাৰে