সমললৈ যাওক

পৃষ্ঠা:নাৰী-ৰত্ন.pdf/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
নাৰী-ৰত্ন।

সেই প্রবল ঢৌ উঠি থকা মহাসমুদ্ৰত জঁপিয়াই পৰিল। জেলখানাবোৰ দেশকৰ্ম্মী সকলেৰে ভৰিল; লাঠীৰ কোবত বহুতো জখম্ হল। বন্দুকৰ গুলী খাই অনেকে প্রাণ এৰিলে। ৰজাঘৰীয়া উৎপীড়ন আৰু অত্যাচাৰত গোটেই ভাৰত জুৰি হাঁ-হাঁ-কা-কা লাগিল ৷

 স্বাধীন মনৰ কনকলত। আইদেউৰ মনতো এই বিপ্লৱৰ ঢৌৱে . প্রবল আঘাত কৰিলে। তেওঁৰ পৰাণ চঞ্চল হৈ উঠিল। তেওঁ ঘৰৰ কাম কাজ পেলাই থৈ দেশৰ কাৰণে আৱশ্যক হলে প্ৰাণ দিবলৈ সংকল্প কৰিলে। তেওঁ কংগ্ৰেচত যোগ দিলে আৰু সেৱিকাৰ কঠোৰ ব্ৰত লৈ কৰ্ম্মক্ষেত্ৰত নামিল।

 বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে এঠাইত কৈছে :—

 “তুমি যদি দেশক ভালপোৱা, তেন্তে তাৰ শেষ পৰীক্ষা হব— দেশৰ কাৰণে মৰিব পাৰা নে নোৱাৰাত। তুমি যদি দেশক ভালপোৱা, তেন্তে তাৰ প্ৰকৃত পৰীক্ষ৷ হব— দেশৰ কাৰণে সর্ব্বস্ব ত্যাগ কৰিব পাৰা নে নোৱাৰাত। যাৰ মৰণৰ ভয় নাই, পৃথিবীৰ সকলে৷ সুখ-সম্পদ তেওঁৰ। যি সকলো সুখ-ভোগ ত্যাগ কৰিব পাৰে, তেওঁ হে মুক্তিৰ আনন্দ উপভোগ কৰিব পাৰে।

 স্বাধীনতাৰ মোহন মন্দিৰত সোমোৱাৰ এই দুটা বাট। এটা ক্ষত্ৰিয়ৰ; আনটো বামুণৰ। তোমাৰ কোনটো পছন্দ হয়, বাছি লোৱা।”

 কনকলতা আইদেউ ক্ষত্রিয়-কন্যা। তেওঁ বাছি ললে