এনেভাৱে তেওঁ ঘৰুৱা কামৰ উপৰিও ৰাজহুৱা ' ভালেমান কামত আবদ্ধ আছিল; আৰু সকলোখিনি কাম তেওঁৰ পৰিচালনাত সুচাৰুৰূপে সম্পন্ন হৈছিল।
সন্দিকৈ ডাঙৰীয়াণীৰ বিশেষত্ব এই যে, তেওঁ সকলো কামতে সুনিপুণা আছিল । তেওঁৰ স্বামীদেৱতা যেতিয়া চৰকাৰী কামত ঘৰৰপৰা আঁতৰি থাকিবলগীয়া হৈছিল, তেতিয়া তেওঁ নিজৰ পৰিচালনাত বাৰীখন এনে ধৰণেৰে গঢ়ি তুলিছিল যে, তাৰ আয়েৰে তেওঁ নগৰত থকা গোটেই পৰিয়ালৰ ভৰণ-পোষণ যোগাব পাৰিছিল। তেওঁ সৰুৰেপৰা সাদৰী স্বভাৱৰ আছিল। তেওঁ সকলোকে মৰমেৰে বশ কৰিছিল । কোনো লোকে তেওঁৰ কথাত কেতিয়াও টান মাত পোৱা নাছিল ।
অসমৰ ভাষা আৰু কৃষ্টি ৰক্ষাৰ কাৰণে সন্দিকৈ পৰিয়ালৰ মহৎ দান চিৰস্মৰণীয় । তেওঁৰ অমূল্য দানৰ টকাৰে হোৱা গুৱাহাটীৰ ‘নাৰায়ণী সন্দিকৈ ইনষ্টিটিউট'ৰপৰা অসমীয়া জাতিৰ পূৰ্বৰ গৌৰৱ অনুসন্ধান কৰিবলৈ অসমীয়া জাতিয়ে সুযোগ পাইছে ৷ অন্যান্য সৰু-সুৰা অনুষ্ঠানবিলাকলৈ দিয়া তেওঁৰ অর্থ-সাহায্যও অলপীয়া নহয় ।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলাৰ শ্ৰীযুক্ত কৃষ্ণকান্ত সন্দিকৈদেৱ আৰু অসম চৰকাৰৰ দায়িত্বপূর্ণ উচ্চ কৰ্ম্মচাৰী শ্ৰীযুক্ত লক্ষ্মীকান্ত সন্দিকৈ বি, এচ-টি ( এডিন ) দেৱৰ নিচিনা দুটি সুযোগ্য পুত্র আৰু পতিদেৱতা দানবীৰ ৰায় বাহাদুৰ শ্রীযুক্ত ৰাধাকান্ত সন্দিকৈ ডাঙৰীয়াক এৰি, অসমীয়া তিৰোতা-