ডাঙৰীয়াৰে সৈতে তেওঁৰ বিয়া হয়। সন্দিকৈ ডাঙৰীয়াই সেই সময়ত চব-ডেপুটীৰ কাম কৰিছিল। বৈবাহিক জীৱন আৰম্ভৰ লগে লগে তেওঁৰ স্ত্ৰী-সুলভ সকলো সজ গুণ বিকশিত হৈ উঠে। বিয়াৰ পাচত প্ৰায় ৪২ বছৰ কাল তেওঁ সংসাৰৰ নান৷ বিপদ-আপদৰ মাজেদি অতিবাহিত কৰিছিল যদিও তেওঁৰ কাৰণে সংসাৰ সুখৰেই আছিল বুলিব লাগে। তেওঁ আছিল স্বামীৰ সুৱাগী ভাৰ্য্যা, উপযুক্তা মাতৃ, সমাজৰ আদর্শস্থানীয়া মহিলা আৰু অনেক গুণৰ অধিকাৰিণী।
ইংৰাজী ১৯২৩ চনটো তেওঁৰ কাৰণে বৰ অশুভ বছৰ। এই বছৰতে তেওঁৰ দুটি অতি গুণী পুত্ৰ চন্দ্ৰকান্ত সন্দিকৈ বি, এ, আৰু ইন্দ্ৰকান্ত সন্দিকৈদেৱ অকালতে আকস্মিক মৃত্যুৰ মুখত পৰে। এই দুটি সন্তানৰ স্মৃতি-ৰক্ষাৰ কাৰণে তেওঁ অসম- সাহিত্য-সভাক ‘চন্দ্ৰকান্ত সন্দিকৈ হল' নামে এটি ধুনীয়া ঘৰ সজাই দিয়ে। চন্দ্ৰকান্তৰ নামেৰে অসম সাহিত্য সভাৰ হতুৱাই ‘চন্দ্ৰকান্ত অভিধান' নামেৰে এখন অভিধান উলিয়ায়। ইন্দ্ৰকান্তৰ নামেৰেও এখন ব্যাকৰণ প্ৰকাশ কৰিবলৈ অসম- সাহিত্য-সভাক কিছু টকা৷ দান দিয়ে। এই লৰা দুটিৰ মৃত্যু তিথিত বছৰি চন্দ্ৰকান্ত সন্দিকৈ হলত স্থানীয় ছাত্ৰৰ সকলক জলপান খুওৱা হয় ৷
দুৰ্ভাগ্যৰ চাকনৈয়াত পৰি দুটি কাণ-সমনীয়া পুত্ৰক হেৰুৱায়ো নাৰায়ণী সন্দিকৈয়ে অলপো বিচলিত হোৱা নাছিল ।