বিয়া হৈ যোৱাত তেওঁৰ নাৰী-সুলভ সকলো সজ গুণেই
প্ৰকাশ পাইছিল ৷ তেওঁৰ সংসৰ্গলৈ যেয়ে আহিছিল, তেৱেঁই
তেওঁৰ সৰলতা আৰু কমনীয়তা দেখি মুগ্ধ হৈছিল । তেওঁ অতি
শান্ত প্ৰকৃতিৰ আৰু সাদৰী তিৰোতা আছিল ।
তেওঁলোকৰ আচল ঘৰ নলবাৰীত। কিন্তু তেওঁ সৰুকাল ছোৱা পিতাকৰ লগত যোৰহাটত আৰু বিয়াৰ পাচত স্বামীৰ লগত ছিলটত কটায়। এই দুয়ো ঠাইতে তেওঁ সকলোৰে অন্তৰ জিনিছিল আৰু সকলোৰে পৰা মৰম, শ্ৰদ্ধা আৰু প্ৰীতি-লাভ কৰিছিল। দুয়ো ঠাইৰে মহিলা-সমিতি, মহিলা-লাইব্ৰেৰী আৰু শিশু-মঙ্গল-সমিতি আদি সদনুষ্ঠানৰ উন্নতিৰ কাৰণে তেওঁ প্রাণপণে খাটিছিল ।
কিন্তু ভগবানে তেওঁৰ প্ৰতিভাৰ সম্পূৰ্ণ পৰিচয় দিবলৈ আয়ুস নিদিলে। মুঠে কুৰি বছৰ বয়সতে ১৯৩২ চনৰ ২ অক্টোবৰত তেওঁ প্ৰসূতা ৰোগত অকস্মাৎ মৃত্যুৰ মুখত পৰে। তেওঁ এটি লৰা আৰু এজনী ছোৱালী এৰি গৈছে।
তেওঁৰ অকৃতাৰ্থ গুণাৱলী আৰু পৱিত্ৰ অন্তৰৰ মনোহাৰিতাৰে লিখকৰ অন্তৰ ভৰি আহে; কিন্তু প্ৰকাশ কৰিবৰ যুক্তি নাই। ‘নাৰী-ৰত্ন’ৰ প্ৰথম সংস্কৰণ তেওঁৰ উৎসাহতে ছপা হৈছিল।