পৃষ্ঠা:নাম-মালিতা.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩

আপোনাক নষ্ট  কৰিলেক পাপ
 আচৰিয়া ৰাত্ৰি দিন॥৪৫৩।।
গোবিন্দ নাম উচ্চাৰি কেৱলে
  কৰিলে ক্ষয় পাপক।
পৰম নিৰ্ম্মল চিত্ত হুয়া পাচে
 পাইলে গৈয়া গোবিন্দক॥
হৰি কীৰ্ত্তনেসে মাত্ৰ সমস্তৰে
 নিৰৱ শেষ সাধন।
সিহেতু ইহা জানা প্ৰশ্ন কৰি
  কৰিলো উপবৰ্ণন॥৪৫৪।।
কোন এক জন উপজিয়া আছে
 ভৰত বংশত হন্তে।
তাহাক সম্বোধি পৰম দয়ায়ে
  কহয় কোনো মহন্তে॥
প্ৰসঙ্গ নজানি বুলিলোঁ বচন
 নেদিবা দোষ আমাক।
ভাৰত বুলিযা সম্বোধিয়া কথা
  কহে যেন শুনা তাক॥৪৫৫।।
মৃহন্তে বোলন্ত শুনিয়ো ভাৰত
  কহোঁ মঞি স্বৰূপত।
সৰ্ব্বভাৱে তুমি ভৈলা ভয়াতুৰ
 যিহেতু সবে পাপত॥