পৃষ্ঠা:নাম-মালিতা.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আত শৰে শুনিয়োক বিষ্ণু যামলত।
কুঞ্জধ্বজ ইস্বৰ সংবাদ প্ৰস্তাৱত॥
শ্ৰীৰূদ্ৰ দেৱক সম্বোধি ভগৱন্ত।
আপোন নামৰ মহা মহিমা কহন্ত॥ ৪০৮॥
মনুষ্য লোকত ইটো মোৰ নাম চয়।
পৰম শ্ৰদ্ধায়ে যিটো কীৰ্ত্তন কৰয়॥
সিজনৰ কোটি অসংখ্য অপৰাধ চয়।
ক্ষেমোহোঁ নিশ্চয় আত নহিকে সংশয়॥৪০৯॥
মোৰ জগন্নাথ নাম আতি মনোনিত।
যাৰাসৱে কীৰ্ত্তন কৰয় প্ৰতি নিত॥
তাসম্বাৰ অপৰাধ কোটি অসংখ্যাত।
কৰিবহোঁ ক্ষমা নাহি সংশয় ইহাত॥৪১০॥
ভগবন্ত, বচনক থৈলোঁ এহিমানে।
গৌতমী তন্ত্ৰত আৰে শুনা একমনে॥
শিৱ নৃপতিৰ আগে নাৰদে কহন্ত।
বোলন্ত শুনিয়ো ৰাজা মহা ভাগ্যৱন্ত॥৪১১॥
সিমত পাতক নতু শুনিয় লোকত।
যাক হৰি নামে নুহি দহিবে শকত॥
যেন মহা অগনিক, তৃণে নোজোৰয়।
হৰি নাম বহ্ণিৰ মহিমা সেহিনয়॥৫১২॥
নাৰদ বচনে কহি মহিমা নামৰ।
আশ্বলায়ণ তন্ত্ৰে শুনিয়োক আতপৰ॥