প্রথম দৃশ্য ] নল-দময়ন্তী পানীৰে ভিতৰে কাছই হাতীক ধৰে নিয়ে তাক তললৈ টানি। পানীত ককেবকাই গজে তোমাক শৰে তোমাকেই তাৰোঁতা জানি। গজক উচ্চাবিলা প্রহ্লাদক বাহিলা বৰ বৰ বিপদৰ বেলা । দুখুনী দনয়ে যাতে চুলি ছিঙি নকৰা দুখুনীক হেলা । দময়ন্তী — (হঠাং ঘুৰি চাই ) সখি, সৌ অন কোন ? এই ফাললৈকে আহিছে! আহা ! কেনে দিব্যকান্তি পুরুষ ! এনে কপহ পুরুষ মই কেতিয়াও দেখা নাই! চালে চকু থৰে ঘৰে বয় ! ঠিক মানিবা ছে বর্ণোৱা মোৰ মানস পুৰুষজন ! কোন সুন্দৰ খোজ কাটল ! কেনে সুন্দৰ খোজ কাটল ! কেনে সুন্দৰ চকুৰ দৃষ্টি ! এওঁ নিশ্চয় মোৰ হৃদয়েশ্বৰ – মহাৰাজ নল! নহলে, এওঁক দেখা মাত্ৰে মোৰ মনটো এনে দৰে অস্থিৰ হব কিয় ? ঈশ্বৰে আমাৰ প্ৰাৰ্থনা পুৰালৈ নে কি ? সখি—বাৰু সখি, ৰবা এতিয়াই মই তেওঁৰ পৰিচয় লম! ( আগ বাঢ়ি যায় ) নলৰ প্ৰবেশ। নল—এয়েই বিদৰ্ভৰজাৰ ফুলনী বাৰী নে ? সখী— হয়, ডাঙ্গৰীয়া । পিছে, আপুনি নো কোন ? আৰু ইন্নাত কাক বিচাৰিছে ? আপোনাৰ দেশ নো ক'ত ? 1- আইটী, মই দেৱতাসকলৰ সংবাদ বাহক। नन - মোৰ আনবোৰ চিনাকী পাছে পৰে পাৰা । বৰ্ত্তমান মোক দেৱতাসকলে ইয়ালৈ পঠিয়াইছে। সঙ্গী—এইখন ৰাজঅন্তঃপুৰৰ ফুলনীবাৰী । ইয়াত বাজঘৰীয়া মহিলা, সকলেহে ফুৰা চকা কৰে । ইয়াত নো আপুনি কাক বিচাৰিছে ?
পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/৯
অৱয়ব