ত, নল-দময়ন্তী- [দ্বিতীয় অঙ্ক
পুদ্ধবব প্রবেশ ।
পুঙ্কব-_ডাঙ্গবীয়া, কিমান কি-কবিলে ? মই কিন্তু বাক পাশা খেলিবলৈ মাতি আহিছে| ; তেখেতো৷ আহিবলৈ গাত লৈছে। আহি পাই হিহে লাগে! এতিয়া আপোনালোকৰ ওপৰতে সর্বভৰ্সা। এতিয়া 'আপোন| সকলে উপায় নকবিলে, মই নিগমে মবিম। আপোনা- সকলৰ আশাতে মই ইমান খিনি আগ বাঢ়িছো।
কলি_-একো ভয় নাই ৷ আমাৰ সকলে| ঠিক আছে। আমি আপোনাক wal পাতিহে এৰিম । আমি এতিয়া যাওঁ। বজাৰ লগতে আহিন।
‘আপোনাৰে সৈতে যে আমাৰ চিনা পৰিচয় আছে, ‘সেইটো! যেন ৰজাই =
বুদ নেপায় দেই। [ দুইৰে৷ প্ৰস্থান ৷ পুদ্কৰ-_( স্বগতঃ ) এওঁবিলাক দুজন বদি সচাকৈয়ে দ্বাপৰ আৰু কলি হয়, তেন্তে মোৰ কোনো চিন্তা নাই৷ মই দ্রিকিমেই, হাৰিলেও নো৷ মোৰ লোকচান কি? কিনো ৰাজ্যখন আছে যে হন্তচ্যত হব? যি সাগৰত শয়ন কৰে তাৰ আকৌ নিরবলৈ ভয় নে? দেখা য’ক কি হয়। নল, মন্ত্ৰী, দ্বাদৰ আক কলিৰ প্রবেশ। নল-_ভাইটা, খেলৰ বন্দবস্ত সকলো ঠিক আছে নে? পুৰ-_সকলো ঠিক আছে ককাইদেও ! বহি বহি লাগে। পিছে, পণ থৈ খেলা হব নে, এনেয়ে খেলা হব? নল-তুমি ধেনে ইচ্ছা কৰা সেয়ে হব | মোত একো কথা নাই । মন্ত্ৰ--ভাই ককাইৰ ভিতৰত খেল যেতিয়া পণ নোখোরাকৈ এনেই খেলা- টোৱে মই চাওঁতে ভাল হব। পুকব-__ককাইদেে মোৰ ইচ্ছামত খেলিব খুজিছে যেতিয়া, মোৰ হলে গণ থৈ খেলিবৰহে ইচ্ছা ৷