এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰথম দৃশ্য]
২৩
নল-দময়ন্তী
পুষ্কৰ—বুদ্ধিটো যে ভাল হয়। তোমালোক বেছ কৌশলী। বাৰু আজিৰ পৰা তোমালোকক মোৰ কামত নিযুক্ত কৰা হল। শীঘ্ৰে তোমালোকে কাৰ্য্যাৰম্ভ কৰাঁ।
কলি—আপুনি ৰজাক পাশা খেললৈ আহ্বান কৰকগৈ আমাৰ বন্দবস্ত হৈয়ে আছে বুলি ধৰক!
পুষ্কৰ—বাৰু তেন্তে মই ৰজাৰ ওচৰলৈ যাওঁ।
[প্ৰস্থান।
কলি—চোৱাছোন, দ্বাপৰ! তুমি পাশাৰ গাত লম্ভি, প্ৰত্যেকবাৰে পুষ্কৰক জিকাবা। মই নলৰ গাত প্ৰবেশ কৰি ৰাজ্য, ধন সকলো বাজি থবলৈ, তাৰ দুৰ্ব্বুদ্ধি জন্মাম।
দ্বাপৰ—তাৰ এইদৰে সৰ্ব্বনাশ কৰাটো ভাল হবনে? কবলৈ গলে, সি আমাৰ কোনো জগৰ লগোৱা নাই।
কলি—ছিঃ তুমিও সেই মূৰ্খকেটাৰ লেখিয়া হলা নে কি? মই যি কৈছোঁ তাকে কৰাঁ।
দ্বাপৰ—বাৰু, যেনে ভাল দেখা কৰা। মইনো আৰু কি কম? মই বাৰু পাশাৰ গাত লম্ভিম।
(দ্বাপৰে সৈতে কলিৰ প্ৰস্থান আৰু গীত।)
কলিৰ গীত।
মোৰ নাম কল্কি মহাৰাজ।
পুষ্কৰক ৰজা পাতি নলক কৰিম বাজ।
মোৰ নাম কল্কি মহাৰাজ।
(মই) নিৰ্দ্দোষীক দণ্ড দিওঁ দোষীক পুৰস্কাৰ।
ন্যায়নিষ্ঠ লোকৰ ঘৰত লগাওঁ হাহাকাৰ।