“তৃতীয় দৃশ্য ] -নল-দময়ন্তী কলি—পৰৰ গলগ্রহ হৈ খাই ফুৱা মানুহবোৰ এনেকুৱাই । ি 20 বিদ্যক—ডাঙৰীয়া ! বজাই মোক অনুগ্রহ কৰে দেখি মই তেখেতৰ গল গ্রহ; কিন্তু এই দুখীয়া বামুণৰ ওপৰত কেনেবাকৈ আপোনাৰ অনুগ্রহ পৰিব লাগিলে মোৰ আৰু ৰক্ষণ নাথাকিব—মই এনেকুৱাকৈ জীয়াই থকাবে। মুদা মৰিব !! (সকলোৱে হাঁহে )। কলি—{ হর্ষধ্বজালৈ চাই ) আপোনাক আকৌ এই বয়সত স্বয়ম্বৰ-সভালৈ -আহিবলৈ কিহে পালে ? হর্ষধ্বজ—মোক কলিয়ে পালে ! ( সকলোৱে হাঁহে ) নিলৰ প্রবেশ মন্ত্রীয়ে আগবঢ়াই আনে আৰু বিদর্ভবাজে সৈতে অভিবাদন প্রত্যভিবাদনৰ পাছত আসন গ্ৰহণ কৰে । নলরূপী পঞ্চদেবতার প্রবেশ । .. মন্ত্রী—মহাবাজ দেখিছেনে ? = অতি আচৰিত কথা নহয় নে ? আটাই কেজনেই না !! ৰজা—এখেতসকল নিশ্চয় কোনোবা ছদ্মবেশী দেবতা। ( প্রকাশ্যে ) আহক ! আসন গ্রহণ কৰক ( সকলোৱে আসন গ্রহণ কৰে ।) মন্ত্রী – আপোনাসকল বা কোন দেশৰ পৰা আহিছে । নলৰূপী ইন্দ্র—তুমি হবলা মন্ত্রী ! মোৰ মুৰৰ পাগটোলৈ মন নকৰা কিয় -তুমি এনেটো বুদ্ধিৰে নো মন্ত্ৰীত্ব কৰিছা কেনেকৈ ? মন্ত্রী—পাগ দেখোন আপোনালোকৰ আটাই কেজনরে একে । আপোনা লোক আটাইকেজনেই নিষধাধিপতি নল ৰজা নে কি ? বিম—নহয় হেঁ, মইহে আচল নল। বরুণ—নহয়, নহয়, এওঁবিলাকে মিছা মাতিছে মইহে আচল নল !
পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/১৯
অৱয়ব