সমললৈ যাওক

পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় দৃষ্ট ] বিদূষক—মন্ত্ৰী ডাঙৰীয়া ! নল-দময়ন্তী আপোনাৰ প্ৰশ্নটোত অলপ কেনা থাকিল । ব্রাহ্মণ সকলে নো কি কি খাবলৈ ভাল নাপায়, সেইটোহে সুধিব লাগিছিল ; আৰু তাৰ উত্তৰো সহজে দিব পৰা গল হেতেন । বজা— হয়নে ? চীনদেশৰ চৰাই-বাহৰ আঞ্জা কাঠফুলা ভজা, বিষ্ণু পিঠা, আৰু শাল মাছৰ জোল ব্রাহ্মণ সকলে গ্রহণ কৰিব নে ? বিদূষক ছি! ছি! মহাৰাজ! আপুনিও ভাল বস্তুবোৰৰ কথা কৈছে সেইবোৰ আমি কেলৈ খাম ? ৰজা—তেন্তে নে৷ কেলৈ কৈছিলা ব্রাহ্মণ সকলে ভাল নোপোৱা বস্তু নাই বুলি ? মন্ত্রী—বাৰু দেউ ! আপুনি খাবলৈ ভালপোৱা গোটাদিয়েক বস্তুর নাম ক’কছোন শুে বিদূষক—তেন্তে কওঁ শুনক । (নাচি নাচি গান । ) খাই মজা জেলেপি ভজা আৰু গমৰ লাডু মৌজোল সানি লুচি খালে গাৰ ওলমে বাছ গুড় গাখীৰ মুখৰ দৈ যিমান পাৰে সিমান লৈ, চিৰাই মালভোগ কলে মিলাই খাব পাৰি শুদাই শুদাই ॥ আৰু ভাল দিলে লঙ্কৰা— বছগোল্লা বসে ভৰা সন্দেশৰ কথাই নাই দক্ষিণাও দিব তাকে চাই।