দ্বিতীয় দৃশ্য ] নল-দময়ন্তী জ্ঞান আছে তেন্তে তাইক পাটৰাণী পাতি টোপ পৰিবলৈ নিদিয়াকৈ বাখিন! মোৰ সচাকৈয়ে তাইক পাবৰ বৰ হেঁপাহ হৈছে ! ইন্দ্ৰ হয় ! হয় ! ভালে তোহে ইমানখিনি জ্ঞানগর্ভ কথা ৷ (সকলোৱে খল খলাই হাঁহে ) ইন্দ্র—বাক, আমি তৰ্ক কৰি বুজিবলৈ । সি আহিলেই একো লাভ নাই । নল গৈছেই নহয়, মন সকলো বুজ পান। শুনিছোঁ, বোলে দময়ন্তীৰ নললৈহে মন । সেইবাবেহে তাক দূত কৰি পঠোৱ৷ হৈছে । সি আমাৰ ফলীয়া হৈ দময়ন্তীক বুজাবলৈ অঙ্গীকাৰাবদ্ধ । न সঁচা- কথিয়া কর্তব্যপরায়ণ আৰু ধাৰ্ম্মিক । সি কেতিয়াও বিশ্বাসঘাতকতা নকৰে। তাৰ মুখে আমি নিশ্চয় সঠিক বাতৰি পাম । ইতি মধ্যে মিছাতে তৰ্ক কৰি সময় নষ্ট নকৰি এটা গানকে শুনা য’ক। ( কিষ্ণুকে বাদ্যযন্ত্রাদি লৈ গানত ধৰে । ) গান । তিৰীৰ মন বুজা টান বুজা অতি টান । বুজা অতি টান । কেতিয়া কালৈ মেলে মন কোৱা অতি টান। কোৱা অতি টান । ৰজা এৰি প্ৰজাক ভজে ভাল এৰি বেয়াত মজে প্ৰেৰ সোঁতত হঠাৎ পৰি দিয়ে আত্মদান। উতাই দিয়ে মান ।
পৃষ্ঠা:নলদময়ন্তী নাটক.pdf/১৩
অৱয়ব