পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
৩১
 

পঞ্চ পল্লৱ

 আম্ৰ, প্লক্ষ (পাকৰী) বট, অশ্বথ (পলাশ) আৰু যজ্ঞ ডিমৰু।

নৱ ৰত্ন

 মুক্তা, মাণিক, বৈদুৰ্য্য মণি, গোমদ মণি, হীৰা, বিদ্ৰুম মণি, পদ্মৰাগ মণি, মৰকত আৰু নীলমণি।

পঞ্চ কষায়

 জামুকছাল, শিমলু ছাল, বগৰী ছাল, বকুলৰ ছাল আৰু সোণবৰীয়ালৰ ছাল, সমান জোখৰ এই ছালবোৰ থেতেলাই পানীত তিয়াই ৰাখিলে সেই পানীক পঞ্চ কষায় পানী বোলে।

পঞ্চ তীৰ্থ

 নৈমিষাৰণ্য, প্ৰয়াগ, শৌকৰ, বিশ্ৰন্তি আৰু পুস্কৰ।

পঞ্চগুৰিঃ [পূজাদিত আৱশ্যকীয়]

 শ্বেতবৰ্ণ, ৰক্ত বৰ্ণ, পীতবৰ্ণ, শ্যামবৰ্ণ আৰু কৃষ্ণবৰ্ণ।

কামদেৱৰ পঞ্চশৰ

 দ্ৰবন, শোষণ, তাপন, মোহন আৰু উন্মাদন।

স্বৰ্গৰ পঞ্চ বৃক্ষ

 কল্পতৰু, পাৰিজাত, মদাৰ, সন্তান আৰু হৰিচন্দন।

পঞ্চ গঙ্গা

 গঙ্গা, যমুনা, সৰস্বতী, কিৰণ আৰু ধুত পাপা।

পঞ্চোপচাৰ

 গন্ধ, পুষ্প, ধূপ, দীপ, আৰু নৈবেদ্য।