পৃষ্ঠা:নতুন ধাৰাপাত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৯
 

পঞ্চ কন্যা

 অহল্যা, দ্ৰৌপদী, কুন্তী, তাৰা আৰু মন্দোদৰী।

পঞ্চাইন্দ্ৰিয়

 হাত, ভৰি, মলদ্বাৰ, গুপ্তাংগ আৰু বাক্‌ইন্দ্ৰিয়।

পঞ্চ ক্লেশ

 অবিদ্যা, অস্মিতা, ৰাগ, দ্বেষ আৰু অভিনিবেশ।

গৃহস্থীৰ পঞ্চ যজ্ঞ

 অধ্যয়ণ, পিতৃযজ্ঞ, দেৱষজ্ঞ, ভূতযজ্ঞ আৰু অতিথি পূজা।

মানৱ দেহৰ মূল পঞ্চ পদাৰ্থ

 ক্ষিতি, অপ, তেজ, মৰুৎ আৰু ব্যোম।

মহা পাপ পাঁচটা

 ব্ৰহ্ম হত্যা, মদ্যপান, চুৰি, গুৰুপত্নী গমন আৰু এই বিলাকৰ লগত সংসৰ্গ কৰা।

পঞ্চামৃত

 দধি, দুগ্ধ, ঘৃত, শৰ্কৰা আৰু মধু।

পঞ্চগব্য

 গোমুত্ৰ, গোময়, গোদুগ্ধ, গব্য দধি আৰু গব্য ঘৃত।

পঞ্চ ৰত্ন

 সোণ, হীৰা, নীলমণি, পৰাগ আৰু মুক্তা। কিছুমানৰ মতে – সোণ, ৰূপ, প্ৰবাল, মুক্তা আৰু মণি।