সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নগৰৰ বিহুতলী।


প্রথম অঙ্ক।

প্রথম দৃশ্য ।

মিনাৰাম পণ্ডিতৰ ঘৰৰ এটা খোটালী ।

এফালে কাপোৰ-কানি পাৰি থোৱা এখন খাট। মূৰ-শিতানৰ
 ফালে এটা চুটকেচ। খুটাই খুটাই বন্ধা জৰি এডালত
 মেখেলা, চাদৰ, পেটিকোট আদি কেইখনমান কাপোৰ ।
 এখন মেজত এখন দাপোণ, সেন্দুৰৰ টেমা,
 পাউডাৰ, স্ন', লিপষ্টিক আদি আৰু
 কেইখনমান কিতাপ ! বিদ্যা-
 মতীয়ে মেজৰ ওচৰতে চকী
 এখনত বহি কিবা
 কিতাপ এখন
 চাই থাকে ।

লীলাৱতী : ― ( বাহিৰৰ পৰা ) সখি!আছা নে

বিদ্যা:- আছে। (উঠি ভুমুকিয়াই চাই ) অ' সখি ! আহাঁ, আহাঁ ।
 (লীলাৱৰ্তী সোমাই আছে। বিদ্যাৱতীয়ে লীলাক ডিঙিত সাবটি
 ধৰি আগ বঢ়াই আনে আৰু দুয়ো খাটৰ ওপৰতে বহে। )

লীলা: — আজি কালি নগৰত থাকি তোমাৰ গাৱলৈ মনত
 নপৰাই হ'ল। জহৰ বন্ধ কেতিয়াই হ'ল, তুমি কালিহে
 আহিবলৈ সময় পালা ।