এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
নগৰৰ বিহুতলী।
প্রথম অঙ্ক।
প্রথম দৃশ্য ।
মিনাৰাম পণ্ডিতৰ ঘৰৰ এটা খোটালী ।
এফালে কাপোৰ-কানি পাৰি থোৱা এখন খাট। মূৰ-শিতানৰ
ফালে এটা চুটকেচ। খুটাই খুটাই বন্ধা জৰি এডালত
মেখেলা, চাদৰ, পেটিকোট আদি কেইখনমান কাপোৰ ।
এখন মেজত এখন দাপোণ, সেন্দুৰৰ টেমা,
পাউডাৰ, স্ন', লিপষ্টিক আদি আৰু
কেইখনমান কিতাপ ! বিদ্যা-
মতীয়ে মেজৰ ওচৰতে চকী
এখনত বহি কিবা
কিতাপ এখন
চাই থাকে ।
লীলাৱতী : ― ( বাহিৰৰ পৰা ) সখি!আছা নে
বিদ্যা:- আছে। (উঠি ভুমুকিয়াই চাই ) অ' সখি ! আহাঁ, আহাঁ ।
(লীলাৱৰ্তী সোমাই আছে। বিদ্যাৱতীয়ে লীলাক ডিঙিত সাবটি
ধৰি আগ বঢ়াই আনে আৰু দুয়ো খাটৰ ওপৰতে বহে। )
লীলা: — আজি কালি নগৰত থাকি তোমাৰ গাৱলৈ মনত
নপৰাই হ'ল। জহৰ বন্ধ কেতিয়াই হ'ল, তুমি কালিহে
আহিবলৈ সময় পালা ।