সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
তৃতীয় দৃশ্য
৩৯
নগৰৰ বিহুতলী
ক'ৰবাৰ কোনোবা। উচ্চশিক্ষাই অসমৰ এই ক্ষতিসাধন কৰা নাই নে?
চক্ৰ— সেইবোৰ ব্যতিক্ৰম বুলি ধৰিব লাগে। সকলোৱেই যে তেনে কৰিব তাৰ কোনো মানে নাই।
নগেন্দ্ৰ - ব্যতিক্ৰমৰ লেখ বাঢ়ি গ'লে সিয়েই নিয়মত পৰিণত হয়। পুৰুষৰ ভিতৰতো বিদেশত বিয়া নকৰোৱাকৈ থকা নাই, কিন্তু তেওঁলোকে নিজৰ জাতীয়তা এৰিব

লগা হোৱা নাছিল৷ যেন বৰা, বেজবৰুৱা, বৰুৱা। কিন্তু তিৰুতাৰ পক্ষে তেনেকৈ চলা অসম্ভব।

কনক— সেইবোৰ হৈ যোৱা কথা। তাৰ পুনৰাবৃত্তি নহবও পাৰে৷ কিন্তু এতিয়া নগৰে নগৰে যিবোৰ চিনেমা হাউচ হৈছে, আৰু তাত যিবোৰ বিজাতীয়া দৃশ্যৰ অভিনয় হৈছে তাৰ পৰা আমাৰ জাতীয় জীৱনৰ মহা

অমঙ্গল ঘটিছে। স্কুলীয়া ল'ৰাই পঢ়া-শুনা এৰি ৰাতি পলাই গৈ চিনেমা হল পাইছেগৈ। তাৰ ফলত পৰীক্ষাত নকল আৰু গাৰ্ডৰ লগত মৰামৰি। আগেয়ে বিহুতলীৰ পৰা ছোৱালী পলুৱাই নিয়াৰ কথা শুনিছিলোঁ,এতিয়া সেই ঠাই লৈছে চিনেমাই। মুঠতে আজি কালিৰ বেমেজালিবোৰৰ মূলত স্কুলৰ শিক্ষাতকৈ চিনেমাৰ শিক্ষাৰ প্ৰকোপ বেচি।

চক্ৰ— তেন্তে এইবোৰ নালাগে বুলি কোৱা নে কি?
কনক— নকওঁ। কিন্তু যাৰ দ্বাৰা উঠি অহা ডেকা-গাভৰুক