সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
তৃতীয় অঙ্ক
নগৰৰ বিহুতলী
গাৰ মতে সেই চিঠিখন হয়ে টাই চক্ৰান্ত কৰি

লিখা। ন'হলে সেইখন যে বিদ্যাৰ চিঠি নহয় লীলাই আখৰ দেখিয়েই চিনিলেহেতেন । চিঠিখন আছে জানো ?

মন— নাই। তাই লৈ গৈছে।
মালতী — থাকিলে জানো কিবা হ'লহেতেন ?
মিনা– একো নহয়, বিদ্যাৰ আখৰ হয় নে নহয় ন‍ই চিনি পালোঁহেতেন ।
মালতী— এতিয়া কি উপায় হ'ব ?
মিনা— আৰু কি উপায় হ'ব! মৰিল বুলি এৰি দিয়া
মালতী— উস ! নাখাই খুৱাই, নিপিন্ধি পিন্ধাই

জীয়াৰীৰ নিচিনাকৈ ইয়ালকে তাইক তুলিলোঁ !  ( বুকুত ভুকুৱাই পৰি যায় । )

মন— তয়ে যটকুটৰ ঘাই। এতিয়া হিয়া ধুনিলে কি হ'ব ! মাৰ জীয়েৰে গোট খাই ভাল মোৰ খিয়াতি ৰাখিলি ৷

 (চকু-লে। টোকে। )

মিনা— হোৱা কথা হৈ গ'ল। মিছাতে বেজাৰ নকৰিবা৷ ধৰা যেনিবা সেইজনী ছোৱালী ওপজাই নাছিল ।