এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
তৃতীয় অঙ্ক
নগৰৰ বিহুতলী
| গাৰ মতে সেই চিঠিখন হয়ে টাই চক্ৰান্ত কৰি
লিখা। ন'হলে সেইখন যে বিদ্যাৰ চিঠি নহয় লীলাই আখৰ দেখিয়েই চিনিলেহেতেন । চিঠিখন আছে জানো ? |
| মন— | নাই। তাই লৈ গৈছে। |
| মালতী — | থাকিলে জানো কিবা হ'লহেতেন ? |
| মিনা– | একো নহয়, বিদ্যাৰ আখৰ হয় নে নহয় নই চিনি পালোঁহেতেন । |
| মালতী— | এতিয়া কি উপায় হ'ব ? |
| মিনা— | আৰু কি উপায় হ'ব! মৰিল বুলি এৰি দিয়া |
| মালতী— | উস ! নাখাই খুৱাই, নিপিন্ধি পিন্ধাই
জীয়াৰীৰ নিচিনাকৈ ইয়ালকে তাইক তুলিলোঁ ! ( বুকুত ভুকুৱাই পৰি যায় । ) |
| মন— | তয়ে যটকুটৰ ঘাই। এতিয়া হিয়া ধুনিলে কি হ'ব ! মাৰ জীয়েৰে গোট খাই ভাল মোৰ খিয়াতি ৰাখিলি ৷
(চকু-লে। টোকে। ) |
| মিনা— | হোৱা কথা হৈ গ'ল। মিছাতে বেজাৰ নকৰিবা৷ ধৰা যেনিবা সেইজনী ছোৱালী ওপজাই নাছিল । |
⸻