সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দ্বিতীয় দৃশ্য
৩৫
নগৰৰ বিহুতলী
লগত যোৱা গাভৰুজনীয়েই লীলা।
মালতী- তেনেহলে সি তাইক পলুৱাই নিলে। অ' ইয়ালৈকেহে সি ঘনাই অহা-যোৱা লগাইছিল।
মন— তাৰ ঘৰত এতিয়া কোন আছে?
মিনা – তাৰ নো ক'ত ঘৰ আছে ?সি থকা খোটালীটো লোকৰ হে।
মন- আৰু মটৰখন?
মিনা— মটৰ জানো তাৰ! সি দৰমহা খোৱা ড্ৰাইভাৰহে। যাৰ মটৰ তাৰ ঘৰতে আছে ।
মন- (কপালত চপৰিাই ) উঃ!মোৰ কপালত এয়েহে আছিল। ম‍ই কি কৰিম? আপুনি জনা বুজ। মানুহ, মোক এটা বুধি দিয়ক।
মালতী— তুমি এতিয়াই গৈ থানাত এখন এজাহাৰ দিয়াঁ আৰু কোনোবা এজন উকীল ধৰি মকতমা কৰাঁ।
মিন— তাৰ পৰা একো নহয়। কালি মই যাওঁতে হাজৰিকাৰ ঘৰত এজন ছিলঠীয়া দাৰোগা বহি আছিল। ম‍ই তেওঁক কি কৰা ভাল সুধিছিলোঁ। তেওঁ কলে কৰিবলৈ একো নাই। যুৱান ছোৱালী, আৰু গৈছে আপোন ইচ্ছাত।
মালতী— আপোন ইচ্ছাত বুলি কেনেকৈ জানিলে?
মিন— কোনেও বলেৰে ইমান মানুহৰ মাজত জাহাজত তুলি নিব নোৱাৰে। তাই অলপ আপত্তি কৰা হলেও

তেতিয়াই তাক পুলিচে বান্ধি আনিলেহেতেন। দাৰো-