এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
তৃতীয় অঙ্ক
নগৰৰ বিহুতলী
| নগেন্দ্ৰ— | এনে আওহতীয়া গাৱঁৰ গাভৰু ছোৱালীয়েও লগত কোনো নেহোৱাকৈ এটা ডেকা ড্ৰাইভাৰৰ লগত প্ৰকাশ্যে ফুৰিব পৰা হৈছে। ইমানতো তোমালোকে আমাৰ স্ত্ৰী-স্বাধীনতা নাই বুলি কোৱা নহয়? ইয়াতকৈ আৰু কি বেচি স্বাধীনতা হ'ব পাৰে। |
| কনক – | যি গঢ় দেখা গৈছে, শেহত ছোৱালীজনী বিয়া দিয়াই টান হব। |
| চক্ৰ— | মোৰ মতে টিলাহে হব। বাপেকে হাবাথুৰি খাই
নুফুৰাকৈ হৰ-গৌৰীয়ে বসতি লব। |
| নগেন্দ্ৰ— | তেতিয়া হ'লে তুমিও এচোচিয়েটেড প্ৰেচলৈ এটা ৰোমাঞ্চকৰ বাতৰি পঠিয়াই উপাৰ্জ্জন বঢ়াব পাৰিবা। |
| চক্ৰ— | দেখা যাওকচোন ক'ব পানী ক'লৈ যায়। |
দ্বিতীয় দৃশ্য।
মনবৰৰ ঘৰ।
মনবৰ মূৰে কপালে হাত দি বহি থাকে৷
(মালতীৰ প্ৰবেশ)
| মালতী— | ছোৱালীজনী আজিও নাহিল। ভু-ভাটোকে লোৱাচোন। |
| মন— | মই নপঠিয়াওঁ বুলিছিলোঁ নহয় তহঁত মাৰ-জীৱেৰে মোক খালি! এতিয়া ভু লবলৈ জিলালৈ গলৈহে হব। |
| মালতী— | পণ্ডিত কিজানি কিবা জানে। এবৰ তেওঁৰ তাৰ |