সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
দ্বিতীয় অঙ্ক
নগৰৰ বিহুতলী
মন— লায়ক হ'লে কি হ'ব। হাকিম-মুন্সিকে ছোৱালী

পছন্দ কৰিব পাৰে, কিন্তু তোক মোক শাহ-শহুৰ বুলিবলৈ পছন্দ নকৰে।

মালতী— আমাৰ নিচিনা মানুহৰ ঘৰত ওপজাটোৱেই তাইৰ দুৰ্কপাল।
ধনী— সেইটো হওঁতে হয়। দুখীয়াৰ ভাল ছোৱালীলৈকো

ভাল দৰা নোলায়। ইফালে ডাঙৰ মানুহৰ ৰূপ-গুণ নথকা ছোৱালীয়েও বিদ্বান দৰা পায়।

মন— মই মণিৰামৰ আপত্তিৰ কাৰণটো ভালকৈ নুবুজিলোঁ।ইংৰাজী পঢ়াৰ নিমিত্তেই ছোৱালী নষ্ট হ'লনে?
ধনী― নাই হোৱা। পিচে সিহঁতক লাগে ধান বনা, পানী অনা গোবৰ পেলোৱা, ভূঁই ৰোৱা, মৰণা সামৰা, তাঁতি-সূত ব’ব জনা ছোৱালী। তুহখলিত জকাই বাই মাছ ধৰা আৰু জেঙনি-খৰি বুটলি ভাত ৰন্ধাৰ দিহা ও পাৰিলে কৰিব লাগেহে। ই অকল মাক-বাপেকৰ মত নহয়, ল'ৰাৰো মত। তোমাৰ ছোৱালীয়ে জানো এইবোৰ কৰিব পাৰিব?
মালতী— নোৱাৰে। ময়ে কৈছোঁ নোৱাৰে। কটা! চহা যি চহাই ! মেট্ৰিক পাচ কৰিলে কি হ'ল! যিহে ভূৰ চেহেৰা,কথা বতৰা কাম-কাজো তেনেকুৱাই হে হ'ব। মোৰ ছোৱালীক তাৰ ঘৰত চাকৰণী দিবলৈ হে ইমান আলসুৱাকৈ তুলিছোঁ । এতিয়া গাৱঁতে সোমাই আছে দেখিছে, নগৰত থকা হ'লে মোৰ ছোৱালীক বাটৰ বাটৰুৱায়ো ৰৈ ৰৈ

'