সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
দ্বিতীয় অঙ্ক
নগৰৰ বিহুতল।
জানো সদায় পাব। আমিতো পইচা খৰচ কৰি দেখুৱাবই নোৱাৰোঁ। চাব খুজিছে লোকৰ যহতে চাওক।

(লীলাই দাপোণ আৰু আন বস্তু লৈ ভিতৰলৈ যায়)

মন— কৰ তহঁতে কি কৰা মই হলে একো নাজানো।
মালতী— পঢ়া-শুনা ছোৱালী যেতিয়া অলপ নগৰীয়া নীতি-নিয়ম জনা ভাল।
লীলা— ( ভিতৰৰ পৰা ওলাই আহি ) মই এতিয়া যাওঁ।
মন— যা, কিন্ত ভালকৈ চাই-চিতি ফুৰিবি,সখীয়েৰৰ লগ নেৰিবি।
মালতী— ব’ল, ময়ে অলপ আগ বঢ়াই থৈ আহোঁ।

 (লীলা আৰু মালতী ওলাই যায় )

মন- (নিজে নিজে) মোহন লৰাটো বৰ ভাল। সিদিনা মোক বিনা পইচাতে মটৰত তুলি আনিলে৷ আকৌ ছোৱালীজনীলৈ অনা বস্তুখিনিৰো দাম নল'লে। এনেয়ে আহিলেও শুদাহাতে নাহে। বৰ ধনী হব পায়।
ধনীৰাম- (বাহিৰৰ পৰা) মনবৰ আছা নে?
মন— হয়, আছোঁ। আহক।

(ধনী সোমায়। মনবৰে বহিবলৈ ঢাৰী এখন দিয়ে আৰু নিজেও আন এখনত বহে)

ধনী— তোমাৰ ছোৱালীজনী বাটত পাই আহিলোঁ।ক'লৈ গৈছে?