এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৪
দ্বিতীয় অঙ্ক
নগৰৰ বিহুতল।
| জানো সদায় পাব। আমিতো পইচা খৰচ কৰি দেখুৱাবই নোৱাৰোঁ। চাব খুজিছে লোকৰ যহতে চাওক।
(লীলাই দাপোণ আৰু আন বস্তু লৈ ভিতৰলৈ যায়) |
| মন— | কৰ তহঁতে কি কৰা মই হলে একো নাজানো। |
| মালতী— | পঢ়া-শুনা ছোৱালী যেতিয়া অলপ নগৰীয়া নীতি-নিয়ম জনা ভাল। |
| লীলা— | ( ভিতৰৰ পৰা ওলাই আহি ) মই এতিয়া যাওঁ। |
| মন— | যা, কিন্ত ভালকৈ চাই-চিতি ফুৰিবি,সখীয়েৰৰ লগ নেৰিবি। |
| মালতী— | ব’ল, ময়ে অলপ আগ বঢ়াই থৈ আহোঁ।
(লীলা আৰু মালতী ওলাই যায় ) |
| মন- | (নিজে নিজে) মোহন লৰাটো বৰ ভাল। সিদিনা মোক বিনা পইচাতে মটৰত তুলি আনিলে৷ আকৌ ছোৱালীজনীলৈ অনা বস্তুখিনিৰো দাম নল'লে। এনেয়ে আহিলেও শুদাহাতে নাহে। বৰ ধনী হব পায়। |
| ধনীৰাম- | (বাহিৰৰ পৰা) মনবৰ আছা নে? |
| মন— | হয়, আছোঁ। আহক।
(ধনী সোমায়। মনবৰে বহিবলৈ ঢাৰী এখন দিয়ে আৰু নিজেও আন এখনত বহে) |
| ধনী— | তোমাৰ ছোৱালীজনী বাটত পাই আহিলোঁ।ক'লৈ গৈছে? |