এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
দ্বিতীয় অংক
নগৰৰ বিহুতলী
| শাহুৱেকে সকলো কামতে সহায় পায়। মনবৰৰ ছোৱালী আমি পছন্দ কৰিছিলোৱেই; সিহে অসুবিধাবোৰ দেখুৱাই না কৰি পেলালে। সিহে ক'লে বোলে দুটা লিখা-পঢ়া জানিলে বা নাজানিলে তাৰ পৰা একো লাভ লোকচান নহয়। ঘৰৰ কাম জনাটোৱেই হৈছে আচল কথা। মনবৰৰ ছোৱালীয়ে হেনো ঘৰৰ বনৰ নামে কুটা এগছকে ছিঙিব নোৱাৰে। |
| ধনী— | হ'ব পাৰে। এতিয়া হয়তো তেনে কাম কৰিবৰ
প্ৰয়োজন হোৱা নাই, প্ৰয়োজন হ'লেই কৰিব। শিকোঁ বুলিলে এইবোৰ কাম নো কি! (খুন্দা তামোল বোকোনাৰে উলিয়াই এভাগ মণিক দিয়ে আৰু ইভাগ নিজৰ মুখত ভৰাই হাত দুটা মোহাৰে ) |
| মণি— | শিকোঁ বুলিলে টান নহয়। নিশিকোঁ বুলিলে নকৰোঁ,নকৰোঁ বুলিলে কি কৰিবা। বোলে “নোধোও"
ধুৱালি, নাখাওঁ ভাত খুৱালি, নিগিলোঁ কি কৰ কৰ। ” তেতিয়া এইখন ঘৰ গুচি বাঁহ-তল হে হ'ব। |
| ধনী— | তেনেহলে মনবৰক ইয়াত নহয় বুলি খাটাংকৈ কৈ দিম। |
| মণি— | এৰা সেয়ে ভাল। নহলে তেওঁ মিছাতে আশা
পালি থাকিব আৰু আন ফালে চেষ্টা কৰিবলৈকো চল নাপাব। |
| ধনী— | ভাল তেন্তে, থাকিবা এতিয়া। |
| মণি— | ভাল। |