সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
দ্বিতীয় অঙ্ক
নগৰৰ বিহুতলী
আগ বঢ়াই দিয়ে আৰু নিজেও আগৰ ঠাইতে বহে।

ধনীৰামে তামোল কটাৰ আৰু মণিৰামে কাঠি চঁচাৰ লগে লগে কথা পাতে )

মণি— পিচে হৰিভকত! কি মন কৰি নো? নে সিদিনাৰ কথাটোৰ বিষয়ে?
ধনী— এৰা সেয়ে। সি মনবৰে মোক ততকে দিয়া

নাই। তুমিও তিন দিনৰ মূৰত সমিধান দিম বুলিছিল । নহয়৷ সেই দেখি সাতে-সোতৰই আহিলে। আৰু।

মণি — মনবৰৰ কথাৰ বিষয়ে আমি আলচ কৰি চালো ।ল'ৰাৰো৷ মতামত ল'লোঁ ।আটাইৰে একে মত।মুঠতে তেওঁক অইন ঠাইত বিচাৰিবলৈ ক'বা। আমাৰ

ঘৰত সুবিধা নহ'ব।

ধনী— কিয়? মই দেখোন একো বেয়া দেখা নাছিলোঁ।

ছোৱালীৰ ৰূপৰ কথা ক'বলৈকে নাই। গাৱঁত তেনে ধুনীয়া ছোৱালী ক'ৰবাতহে যদি এজনী দেখা যায়। ইফালেও মাইনৰ পাচ।

মণি— সেয়েতো লেঠা। তাই হ'ল ইংৰাজী পঢ়া ছোৱালী । তাই জানো ধান বনা, পানী অনা, ভূঁই ৰোৱা, গোবৰ পেলোৱা, এইবোৰ বন কৰিব পাৰিব? আমি দেখাতেই খেতিয়ক মানুহ। এইবোৰ কাম নকৰিলে তৰিম কেনেকৈ? ল'ৰাই মেট্ৰিক পাচ কৰি ডেৰ-কুৰিটকীয়া কাম এটা পাইছে। ইংৰাজী পঢ়া ছোৱা-