বিদ্যা—চাহ এটোপাও নোখোৱাকৈয়ে ?
মোহন—মোৰ কাম আছে। চাহ খালে পলম হ'ব ।
বিদ্যা—নহয় পলম। তপত পানী আছেই ।
আয়ে কিজানি
ইয়াৰ ভিতৰতে কৰিছেই । (ওলাই যায়।)
মোহন – ( লীলালৈ চাই । ) তোমাৰ নাম কি ?
লীলা – মোৰ নাম লীলাৱতী
মোহন—বৰ বঢ়িয়া নাম। চেহেৰাই নামে মিলি গৈছে ৷ দুই
এবাৰ টাউনলৈ গলে কাম-কাজৰ অমিলখিনিও নোহোৱা
হব । ঘৰ ক'ত ?
লীলা--ঘৰ এই গাৱঁতে। অলপ ভিতৰলৈ সোমাব লাগে ।
মোহন—তোমালোকৰ ঘৰৰ ওচৰলৈকে মটৰ যায় নে?
লীলা – যোৱাত যায় । পিচে বেচি বৰষুণ হলে মাজতে এডোখৰ
বৰ বোকা হয়
মোহন—বাৰু কেতিয়াবা আকৌ এই ফালে আহিলে তোমালো-
কৰ ঘৰলৈকো যাম । এতিয়া এটা কথা — চিনেমা চাবলৈ
যাবাই যেতিয়া বিদ্যাৰ মাহীয়েকৰ ঘৰতে দুদিনমান থাকি
নগৰখন চাই নাহা দিয়? কোনো কষ্ট নহয়। মই
মটৰেৰে সকলো ঠাইত ফুৰাই তন্ন তন্নকৈ দেখুৱাম ।
লীলা – সেইটো মই এতিয়াই কব নোৱাৰোঁ।
( একাপ চাহ আৰু এখন প্লেটত কেইটামান বিস্ফুট লৈ
বিদ্যা সোমাই আহে আৰু সেইখিনি মোহনৰ আগত থয় )
মোহন—চাহ নোক অকলৈহে দিলা !