সমললৈ যাওক

পৃষ্ঠা:নগৰৰ বিহুতলী.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রথম অঙ্ক
নগৰৰ বিহুতলী


বিদ্যা—চাহ এটোপাও নোখোৱাকৈয়ে ?
মোহন—মোৰ কাম আছে। চাহ খালে পলম হ'ব ।
বিদ্যা—নহয় পলম। তপত পানী আছেই ।
আয়ে কিজানি
 ইয়াৰ ভিতৰতে কৰিছেই । (ওলাই যায়।)
মোহন – ( লীলালৈ চাই । ) তোমাৰ নাম কি ?
লীলা – মোৰ নাম লীলাৱতী
মোহন—বৰ বঢ়িয়া নাম। চেহেৰাই নামে মিলি গৈছে ৷ দুই
 এবাৰ টাউনলৈ গলে কাম-কাজৰ অমিলখিনিও নোহোৱা
 হব । ঘৰ ক'ত ?
লীলা--ঘৰ এই গাৱঁতে। অলপ ভিতৰলৈ সোমাব লাগে ।
মোহন—তোমালোকৰ ঘৰৰ ওচৰলৈকে মটৰ যায় নে?
লীলা – যোৱাত যায় । পিচে বেচি বৰষুণ হলে মাজতে এডোখৰ
 বৰ বোকা হয়
মোহন—বাৰু কেতিয়াবা আকৌ এই ফালে আহিলে তোমালো-
 কৰ ঘৰলৈকো যাম । এতিয়া এটা কথা — চিনেমা চাবলৈ
 যাবাই যেতিয়া বিদ্যাৰ মাহীয়েকৰ ঘৰতে দুদিনমান থাকি
 নগৰখন চাই নাহা দিয়? কোনো কষ্ট নহয়। ম‍ই
 মটৰেৰে সকলো ঠাইত ফুৰাই তন্ন তন্নকৈ দেখুৱাম ।
লীলা – সেইটো মই এতিয়াই কব নোৱাৰোঁ।
 ( একাপ চাহ আৰু এখন প্লেটত কেইটামান বিস্ফুট লৈ
 বিদ্যা সোমাই আহে আৰু সেইখিনি মোহনৰ আগত থয় )
মোহন—চাহ নোক অকলৈহে দিলা !