পৃষ্ঠা:ধৰম গিত.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
খ্ৰিষ্টৰ মৰন।

৫০

Death of Christ.
Gospel Call. 8, 7.

বাৰে জনৰ এজনে গৈ
 অতি চলে ফন্দ কৰি,
পোৰোহিতৰ ৰুপ ভেঁটি লৈ
 দিলেগৈ প্ৰভুক ধৰি;
 মহা পাপি,
 আপোন ঘতি হল মৰি।

আমাৰ প্ৰভু খ্ৰিষ্টৰ সেস দুখ
 সুনা সকল ধাৰ্মিক লোক;
দুষ্ট লোকে নে চালে মুখ
 সুনি লাগে মহা সোক,
 অতি দুখে
মাৰি প্ৰভুক বিন্ধি কোস।

পাপিৰ কাৰন প্ৰভু য়িচু
 এৰি আপোন স্বৰ্গৰ সুখ,
পাপৰ সেস নেৰিলে কিচু
 বলি হৈ ভুঞ্জিলে দুখ;