এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
সেই ৰুপে ওমলা বস্তু নাইবা মিঠই নি কিনে, কিন্তু তাক ভাঙ্গি, কনা, খোৰা আদি কৰি জিবিলাক দুখিয়া সিহঁতকহে দান কৰে।
~~~~~~~~
৪ আধ্যা।
এদিন হেনৰিএ মেম চাহাবৰ খোঁটালিলৈ আহি, কিতাপৰ এটা চন্দুক মেলিবৰ দেখিলে। তাতে মেমে কলে, বোলে, হেনৰি আঁহা, মোৰ লগতে কিতাপ উলিওআ, আৰু ময়ে থোআ ঠাইলৈ অনা। সেই ৰুপে কৰমতে আকুল হৈ হেনৰিএ আপোনাৰ মন বৰ আনন্দিত হল, কিয়নো এই কৰম কৰি উপকৰি হৈচোঁ বুলি জানিলে; তেতিয়া মেম চাহাবে কলে, এই সকলো কিতাপৰ বাহিৰে নানা বৰন আচে হই, আৰু কেতবোৰ ডাঙ্গৰ, কেতবোৰ সৰু হই; কিন্তু মাজত হলে একে, সকলো ইস্বৰৰ কথা। জদি তুমি এই কিতাপ পৰ্হা, আৰু ইস্বৰক সহাই লৈ ইয়াৰ আগ্যা মানা, তেন্তে তুমি স্বৰগলৈ জাবা, আৰু জতে