পৃষ্ঠা:ধৰম গিত.djvu/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৭
প্ৰভুৰ ৰাজ্য



সুকান ভৈয়ামতো সুনে সবদ কোলাহল,
নতুন জানত পানিৰ সোঁতে কৰিচে আষ্ফাল।
সাপ অজগৰৰ বসতি সিলনি ওপৰ,
ত্ৰিন আদি অকস্মাত গজি বায়ুত কৰে লৰ।


কাঁইট গচেৰে আব্ৰিত হোআ বালুকামই থান,
সুগন্ধি পুস্পে কৰিচে তাহাকো সুঘ্ৰান;
পাত নো হোআ সুকান গচত মেলে ফুলো পাত,
সকল অৰন্য গুচি, হব সুব্ৰিখ্যৰহে জাত।


ৰাঙ্গ কুকুৰৰ সঙ্গে চৰে মেৰৰ পোআলি,
পুস্পহাৰে বাঘক বান্ধে লৰা চোআলি;
গৰু সিংহে একে পাত্ৰে কৰিব ভোজন,
হিংসা তেজি সৰ্পে চুব লোক জাত্ৰিৰ চৰন।


কেঁচুআ লৰালৈ দেখা, হাততে আপোন,
নিৰাপদে কাল সাপকো কৰিচে ধাৰন;
কেঁকোৰা বিচাৰো চালত নিৰিখন কৰি,
থাকিচে উমলি সিসু তাৰ হুলত ধৰি।