পৃষ্ঠা:ধৰম গিত.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
খ্ৰিষ্টৰ ৰাজ্য বৰ্হা।

১৪৯

Prayer for the Spread of the Gospel.
Ocean. 8, 7.

হে ইস্বৰ, তোমাৰ মহিমা
 প্ৰকাস কৰা জগতক,
বাকা তোমাৰ গুন অসিমা
 পহৰ কৰা এন্ধাৰক।

সকল প্ৰানি পাপে মজি
 বোলে সবে হৰি হৰ,
অজিলৈকে ভুতক ভজি
 মৰি আচে নিৰন্তৰ।

অকল প্ৰভু পৰম ইস্বৰ
 প্ৰিয় পুত্ৰক পঠালে,
কৰি পাপিৰ আত্মা বিচাৰ
 পাপৰ প্ৰাচিত কৰালে।

সেই প্ৰভুত ভাৰসা কৰি
 ৰাখা মনক পালটাই,
তেঁৱে নিব উধাৰ কৰি
 থব সাধুৰ লগ লগাই।  ব. দ.