পৃষ্ঠা:ধৰম গিত.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৮
মহা সোধ কৰা দিন।

প্ৰভুৰ কোপিত মুখৰ পৰা
 আকাস প্ৰিথিবি পলাই;
 নিৰ্ভই পাপি,
 তেতিয়া তোমাৰ কি উপাই?

দণ্ডকৰ্তাৰ আগত তুমি
 অতি ভয়ত কঁপিবা,
সাও পোআ সকল দুৰে জাঁহক,
 এনে আগ্যা সুনিবা,
 জুই অনন্ত,
ভুতৰ লগত থাকিবা।

কিন্তু প্ৰেমত থাকি জি লোক
 য়িচুত কৰিলে বিশ্বাস,
তেঁৱে কব ক্ৰিপাৰ বচন,
 আঁহা সকল প্ৰিয় দাস,
 আঁহা সুখি,
 কৰা স্বৰগত নিবাস।
 ন. ব.