পৃষ্ঠা:ধৰম গিত.djvu/১৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৫
সিস্যৰ মৰন।

১২৩

“Cease, ye mourners, cease to languish."
Happy Land. 6, 4.

জি মিতিৰ ধৰ্মি নৰ
 গল পৰলোক,
তাৰ মৈদামৰ ওপৰ
 চাৰিবা সোক;
আমাৰ ক্ৰন্দন সমই
সোনৰ বিন সি হাতে লই,
গান কৰি স্তুতি কই,
 পাই স্বৰ্গলোক।

আমি ফুৰোঁ এন্ধাৰ
 এই মৰ্ত্য থান;
পহৰ জোতিৰ্মই তাৰ
 পৰম উদ্যান;
তাত ৰস্মি সুপ্ৰকাস
মেৰাই থাকে য়িচুৰ দাস,
জুৰিচে তাৰ নিবাস
 কান্তি মহান।