৩৮ ধুমূহাৰ পাছত মাহিন্দ্রীয়ে ইন্দুক কলে--বলচোন নৈ ঘাটৰ ফালে যাওঁ। “বলা !” দুয়ো] ওলাই গ’ল।
মাহিন্দ্রী ইন্দুতকৈ বয়সত অলপ ডাঙৰ । ছুয়ে| ছুয়োকে বন্ধুৰ দৰেই ব্যৱহাৰ কৰে। মাহিন্দ্বীৰ ঘৰ ইন্দুৰহঁতৰ ঘৰৰে লগা-লগি। ছুয়ো গৈ নৈৰ ঘাটৰ ওচৰতে বহিল ৷
মাহিন্দ্রীয়ে কলে--মান্ুহৰ অন্তৰত যে ভাল পোৱাৰ এটি অন্তঃপ্রবাহ আছে, সি যে চিৰদিন থাকিব তাৰ কোনে| নিশ্চয়তা নাই।
যদি তাক কত্রিমতাৰ আভৰণৰে ঢাকি যোৱা নহয় তেনে সি চ্ৰিজীৱন থাকিবই ৷ যিমানেই প্রতিবন্ধকতা আহি পৰক লাগে, সি নিজৰ পথত বাঢ়ি গৈ লক্ষ্য স্থান পাবগৈ। তাৰ গতিৰোধ কৰা টান |
ক্ষণিকৰ আনন্দৰ মোহত জীৱনলৈ এটা ভাল পোৱাৰ
আলোড়ন আহিবও পাবে |
“তেনে ভাল পোৱ৷ ধ্বংসাত্মক--তাক ভাল পোর। নামেৰে অভিহিত কৰিব নোৱাৰি । বাহ্যিক ৰং দেখি আনন্দৰ মোহত ভোল গৈ নিজক বিলাই দিয়াটো ভাল পোৱ| নহয়। পৰম্পৰৰ প্রতি যেতিয়া এটা আকৰ্ষণ আহি পৰে, অন্তৰৰ বিভিন্নতা অস্থুভব নহয়, তেতিয়াহে তাক কোর হয়--প্রাণৰ টান--ভাল পোৱা | তাক ভিন্ন কৰি ৰাখিবলৈ গলে অন্তৰৰ অনুভূতিত আঘাত