সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধুমূহাৰ পাছত


 —শুনিছোঁ, মই বাটত লগো পাইছিলো।

 —কত লগ পাইছিলা?

 —মৌ ৰঙাইৰ পদুলীৰ ওচৰতে।

 —তুমিনো সেই ফালে কাৰ ঘৰলৈ গৈছিল৷?

 —মোহনহঁতৰ সেইফালেই গৈছিলো।

 —তুমি যে ক'ত ভ্ৰমি নুফুৰা। এনেয়ে দিনবোৰ পঠিয়াই দিছা। সেইবোৰ দুষ্ট লৰা, সিহঁতৰ সঙ্গত পৰিলে বৰ ভাল নহব। দুষ্টালি আৰু কি—এই সাধাৰণ আমোদ কৰে।

 —ভাল নহয় অজয়, সেইবোৰ ভাল নহয়। তোমালোকৰ ঘৰৰ কথা আমি জানো। তুমি এটা ঠান-ঠিত লগাই লোৱা।

 —গোলামী জীৱন বৰ দুৰ্ব্বহ হৈ পৰিব। নিজৰ অভিৰুচি মতে একো কৰিব নোৱাৰি। নিজত্বৰ মূল্য নেথাকে।

 —সেইটো হলেও নিষ্কৰ্ম্মা জীৱন এটা বোজাহে হৈ পৰে। সমাজৰো ধাৰণা অন্য ধৰণৰ হয়।

 —সমাজৰ কাৰণে সিমান ভাবনা নাই। মানুহৰনো জীৱনটো কেই দিন? ইয়াৰ ভিতৰতে যদি অলপ আনন্দতে জীৱনটো কটাব পৰা নহয়, তেন্তে জীৱনৰ আৰু কি কাম আছে?

 --পিছত নিজেহে কষ্ট পাবা, আমি তোমালোকৰ ভালৰ কাৰণেহে কওঁ। এনেতে ইন্দুৱে চাহ আনি দিলেহি। চাহ খাই উঠাৰ পিছত মাকে কলে —তুমি ঘৰলৈহে এতিয়া যাবা?

 —হয়।