অজৱে কলে--মই বাটত লগ পাইছিলো ।
—সেই ফালেনো আপুনি কেনি গৈছিল?
মোহনহঁতৰ তালৈ।
মোহন ! সিহঁতে সমাজত চলিব নেজানে। বৰ অমাৰ্জ্জিত সিহঁতৰ কথা-বতৰাবিলাক, সিহঁতৰ লগত আপোনাৰ বন্ধুতা আছে? অলপ গহীন ভাবেই ইন্দুৱে কয় !
বন্ধুতা আৰু বিশেষ কি? ভাল লাগে সিহঁতক--বেছ আমোদপ্ৰিয়। ' সিহঁতৰ আমোদ কেনে শুনিছোঁ। আপুনিও যে—।
—নাই নাই, মই মানে এই কেতিয়াবা অলপ কথা-বাতৰা—এই অলপ ধেমালি কৰোঁ। অজয়ে অলপ হাঁহি হাঁহি কয়।
—“অ” বুলি কৈ ইন্দুৱেও হাঁহি এটি মাৰিলে ৷
—বাৰু ইন্দু মই যাওঁ৷
—বহক। আই আছে নহয় মাত এষাৰো নলগোৱাকৈ যায়নে? যাচোন চন্দ্রা কগৈ।
মাক ওলাই আহিল। ওচৰতে ঢাৰি এখনত বটাটো আগত লৈ বহিল ৷— তুমি কেতিয়াবাই আহিলা হব পায়। ইহঁতে আৰু কথাহে জানে। তামোল চালি এখনো দিব লাগে বুলি খবৰ নাই। ইন্দু অলপ আতৰি গ’ল।
মাকে আকৌ কলে--হেৰ ইন্দু। কি আই। যা চোন পানী-দুনী এটোপাকে এওঁক দেহি। ইন্দু ভিতৰলৈ গ’ল। আজি আকৌ ইহঁতৰ পিতায়েক নাই, পামলৈ গ’ল।