সমললৈ যাওক

পৃষ্ঠা:ধুমূহাৰ পাছত.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধুমূহাৰ পাছত

কন্যা, তেওঁৰ পিছত দুটি লৰা। নাম বোপাটি আৰু কণাটি। সবাতকৈ সৰুটি ছোৱালী, -নাম চন্দ্ৰা।

 ইন্দুপ্ৰভাৰ বয়স এতিয়া চৈধ্য বছৰ পাৰ হৈ গৈছে। সুন্দৰ নিপোটল দেহৰ গঠন, কিচ্কিচ্ কৰে কলা চুলি টাৰি আৰু হৰিণৰ দৰেই উজ্জল চকু জুৰিৰে তাইৰ গাত এটা অপূৰ্ব্ব জেউতী ফুটি উঠিছে। ইন্দুপ্ৰভা এতিয়া গহীন ছোৱালী। সৰু কালৰ সেই চপলতা আৰু নাই; কিন্তু অজয়ৰ লগত কথা-বাৰ্তা, পাতি এতিয়াও তাই বৰ আনন্দ উপভোগ কৰে। অতীতৰ বাল্যকালৰ ধেমালি-ধুমুলা কৰাৰ সুৱদী স্মৃতি তাইৰ অন্তৰৰ পৰা আতৰি যোৱা নাই।

 সেইদিনা নৈৰ ঘাটত ইন্দুৱে ভণীয়েক চন্দ্ৰাক লগত লৈ গা ধুবলৈ গৈছে। এনেতে অজয়ো গৈ সেইখিনি ওলালগৈ।

 চন্দ্ৰাই ক’লে-- অ অজয় দাদা. আহা গা ধোওঁ।

 অজয়ে হাহি মাৰি কলে--বাৰু তোমালোকেই ধোৱা।

 ইন্দুৱে পানী জুৱলীৰ সোতত হাতখন সোতে লৈ যাবলৈ এৰি দিছে- আকৌ ঘূৰাই দিছে; এই দৰে ইন্দুৱে পানীত ধেমালি কৰিছে। তাৰ পিছত অজয়ক সুধিলে--বাৰু নৈখন ইমান কোবেৰে বৈ গৈছে কিয়?

 অজৱে কলে- নৈৰ অন্তৰৰ আবেগ জনাবলৈ |

 ইন্দুৱে হাহি মাৰি সুধিলে--কিহৰ আবেগ।

 অজয়ে মিচিক কৰে হাঁহি মাৰি কলে--ভালপোৱাৰ আবেগ।