এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
দোহারণী। ( 35 ) কবীৰ সোই পীৰ হ্যায় যো জানে পৰ পীড় । যো পৰ পীড় না জানই সো কাকেৰ বেপীৰ || - যি জন দুখিত, অইনৰ দুখ, তেৱেই দেৱতা জানা; পৰৰ দুখত নুবুজে যি জনে পাষণ্ড, নিষ্ঠুৰমনা । (৩৬) তৰবৰ সৰবৰ সন্তজন চৌথে বৰখে মেহ। পৰমাৰ্থকে কাৰণে চাঁৰে৷ ধাৰে দেহ ॥ গছ, বিল, সাধুজন আৰু জলধৰ, এই চাৰিটি বাঁচিছে কাৰণে পৰৰ । ( 39 ) ইহ জগ কোটী কাটকি চঁহ দিশ লাগি আগ । ভিতৰ ৰহে যো জ্বল মুয়ে সাধু উবৰে ভাগ ৷৷ ই জগৎ কোটী কোটী কাঠেৰে নিৰ্ম্মিত, চাৰিও কাষত তাৰ লাগিছে অগনি; জ্বলি-পুৰি মৰে যিটো ভিতৰত থাকে, সাধুলোকে রক্ষা পায় থাকি বাহিৰত । A